দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব মূৰ আৰু ডিঙিৰ কেঞ্চাৰ দিৱস পালন

দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব মূৰ আৰু ডিঙিৰ কেঞ্চাৰ দিৱস পালন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব জুৰি কৰ্কট ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰি মানৱ সমাজলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ২০১৪ চনত আন্তৰ্জাতিক মূৰ আৰু ডিঙিৰ অংক’লজী সমিতিৰ ফেডাৰেচনে ঘোষণা কৰাৰ পিছত প্ৰতি বছৰে ২৭ জুলাইত বিশ্ব মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ (HNC)দিৱস পালন কৰা হয়।মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ দ্বাৰা আক্ৰান্তসকলক স্বীকৃতি দিয়াৰ বাবে এই দিৱস উদযাপন কৰা হয়। অন্যান্য প্ৰান্তৰ লেখীয়াকৈ দৰং জিলাৰ মঙলদৈ স্হিত দৰং কেঞ্চাৰ কেন্দ্ৰত দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত দৰং কেঞ্চাৰ কেন্দ্ৰ আৰু গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সহযোগত ‘বিশ্ব মূৰ আৰু ডিঙিৰ কেঞ্চাৰ’ দিৱস পালন কৰা হয় ।‌ প্ৰাপ্ত তথ্য অনুসৰি ৰাতিপুৱা ১০ বজাত জিলাখনত কৰ্মৰত Community Health Officer সকলৰ উপস্থিতিত এক সভা সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং জিলাৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে। তেওঁ জিলাখনত কৰ্কট ৰোগ আৰু ধপাত সেৱনৰ কু-প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি স্বাস্থ্য খণ্ডৰ সৈতে জড়িত আটাইৰে সেৱাৰ মনোভাৱ অটুট ৰাখিবলৈ আহ্বান জনায়। তেওঁ এনেধৰণৰ সজাগতা অনুষ্ঠানে সমাজলৈ ইতিবাচক প্ৰভাৱ আনিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নিৰ্মল বেৰীয়া, মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটেলৰ চিনিয়ৰ প্ৰজেক্ট মেনেজাৰ চাৰুনা গৌৰ, গুৱাহাটীৰ বি.বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ‌ সঞ্চালক বিভুটি বৰঠাকুৰ,বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ মূৰ আৰু ডিঙিৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডাঃ তেহচিন ৰহমান, চিকিৎসক ডাঃঅশোক কুমাৰ দাস,ডাঃ ৰাজজ্যোতি দাস, বৰপেটা কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ কিৰন কমলাসানন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিজান, দৰং জিলা আঁচনি সমন্বয়ক গীতিকা দত্ত (NCD)ৰ লগতে কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে । সভাৰ আদৰণি ভাষণ আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সম্পৰ্কীয় ভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানীয়ে। আবেলি ৩ বজাত অনুষ্ঠিত বিশেষ সভাত জিলা প্ৰশাসনৰ বিষয়া,জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, সাংবাদ মাধ্যমৰ লোকসকলৰ উপস্থিতিত জিলাখনত কৰ্কট ৰোগৰ প্ৰভাৱ আৰু প্ৰতিকাৰ তথা ৰোগৰ উপযুক্ত সজাগতা সন্দৰ্ভত বাৰ্তালাপ হয়। বাৰ্তালাপত অংশগ্ৰহণ কৰে দৰঙৰ সহকাৰী আয়ুক্ত সৃষ্টি সিং(ভা.প্ৰ.সে),মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ উৎপল বৰুৱা, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা,মঙলদৈ চেম্বাৰ অৱ কৰ্মাচৰ সভাপতি মুকুল ডেকা, চিকিৎসক ক্ৰমে ডাঃ প্ৰশান্ত গোস্বামী, ডাঃ মানস ৰঞ্জন সেনাপতি,ডাঃ সীবা সেন্টমেয়ৰ প্ৰমুখ্যে দৰং কেঞ্চাৰ কেন্দ্ৰ, জিলা স্বাস্থ্য বিভাগ,বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসক সকলে। উল্লেখ্য যে স্বেচ্ছাসেৱী সংগঠন ক্ৰিষ্টেল ভিচনৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ময়ূখ গোস্বামী, দৰং জিলা কৰুনাধাৰা সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক গনেশ দত্ত, দৰং জিলা মহিলা সমিতিৰ বিষয়ববীয়া মীৰন দেৱী,বিনু নাৰায়ণ দেৱ, সমাজকৰ্মী শেখৰ মজুমদাৰ, চিকিৎসক ডাঃ চাহিদুল ইছলামৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। কাৰ্যসূচীৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই।