বিশিষ্ট সমাজসেৱক কৃতি শিক্ষক প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বিশিষ্ট সমাজসেৱক কৃতি শিক্ষক প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ নিবাসী তথা আধুনিক দেওমৰনৈ গঢ়োতাৰ এজন,অসম আন্দোলনৰ কৰ্মী, বিশিষ্ট সমাজসেৱক, কৃতি শিক্ষক তথা বৃহত্তৰ দেওমৰনৈৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কালৰ অন্যতম পুৰোধা ব্যক্তি প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ৰাতিপুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চন্দ্ৰ কান্ত কুমাৰে, প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই, স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচীত ভাগ লয় ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক দ্বীপেন শৰ্মাই,গীতা পাঠ কৰে আয়োজক সমিতিৰ সম্পাদক হিৰন্য কাশ্যপে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সভাপতি যাদৱ চন্দ্ৰ শৰ্মাই সভাপতিত্ব কৰা স্মৃতি চাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ জীৱনকৃতি সম্পৰ্কত বক্তব্য আগবঢ়াই দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদোৰাম ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধ্যক্ষ ভাৰত ভুষণ মহন্ত, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মতিৰাম শইকীয়া,অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা আদিয়ে। প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ জীৱনৰ আধাৰত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘গণ বৈভৱ’ উন্মোচন কৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী,সমাজসেৱী গীতিকা কাকতি, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন কুমাৰ ৰাজবংশী, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা সীমান্ত কুমাৰ ডেকা, প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মাৰ পুত্ৰ মৃনাল শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা আয়োজক সমিতিৰ সহকাৰী সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই দেওমৰনৈ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা আয়োজক সমিতিৰ সম্পাদক হিৰন্য কাশ্যপে। উল্লেখ্য যে যোৱা ২২ জুনত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৰেন্দ্ৰনাথ নাথ শৰ্মাৰ ৭১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছিল।এই  অনুষ্ঠানত দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।