মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান – ২০২৩

মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান – ২০২৩

ৰঙিলী বাৰ্ত্তাসেৱা- মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই বিগত বৰ্ষৰ দৰে এইবছৰো জুলাই মাহৰ ১৬ তাৰিখে বিয়লি ৪.০৪ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অতি উলহ মালহেৰে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৩ উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিত বিশিষ্ট সমাজ হিতৈষী ব্যক্তি সন্মানীয় দেৱজিৎ বৰকাকতি দেৱৰ লগতে শিক্ষাকেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাই বন্তি প্ৰজ্বলন কৰে আৰু অসমৰ স্বনামধন্য শিল্পী প্ৰয়াত সুদক্ষিণা শৰ্মা আৰু ঋষিৰাজ শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পূৱ শৰণীয়া পথত থকা মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই ২০০০ চনতেই প্ৰতিষ্ঠা লাভ কৰি তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ লগতে ভাৰতৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনলাইনযোগে গীটাৰ, ইলেকট্ৰনিক কিবোৰ্ড, পিয়ানো, ভায়োলিন, কণ্ঠসংগীত, তবলা ইত্যাদিৰ ভাৰতীয় তথা পাশ্চাত্য পদ্ধতিত সংগীতৰ প্ৰশিক্ষণ দি আহিছে প্ৰতিষ্ঠানটোৰ মুখ্য অধ্যক্ষ তথা সংগীত শিল্পী হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই। আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ ‘মিউজিচিয়া আৰ্টছ এণ্ড কালচাৰ কাউন্সিল’ৰ দ্বাৰা অনুমোদিত মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সম্পূৰ্ণ সংগীতৰ সম্ভাৱনা বিজ্ঞানসন্মতভাৱে বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত সংস্কৃতিৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ দি আহিছে। শিক্ষা কেন্দ্ৰৰ মুখ্য অধ্যক্ষ হিৰণ্য কলিতাৰ কথা, সুৰ আৰু সংগীতেৰে সজোৱা সমবেত সংগীতত শিক্ষাৰ্থীসকলৰ লগতে কিছুসংখ্যক অভিভাৱকে কণ্ঠদান কৰি সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কৰে। আধুনিক গীত, নৃত্য, ভাৰতীয় শাস্ত্ৰীয় সংগীত তথা পাশ্চাত্য গীতৰ সুৰে গোটেই অনুষ্ঠানটো শোভাবৰ্ধন কৰে। অনন্যাশ্ৰী বৰুৱাৰ সত্ৰীয়া নৃত্য, অয়ন কলিতাৰ পিয়ানোত মাই হাৰ্ট উইল গো অন, ৰাহুল সেনৰ কণ্ঠত কপৌ পাহি তোৰে খোপাত,  চ্যোনী কলিতাৰ পিয়ানোত চি ইউ এগেইন, জৰ্নভ আৰু মায়ংক চক্রৱর্তীৰ কিবোৰ্ডত কাগজ কে দো পংখ লেকে, গীটাৰত নিকুঞ্জ বাউৰীৰ গোৰী তেৰা গাঁও বঢ়া প্যাৰা, ধীমান্ত কুমাৰ বৰুৱাৰ গীটাৰত মানুহে মানুহৰ বাবে, ড° আচমান আলিৰ কণ্ঠত চুকৰ মেৰে মন কো, দেৱানুজ গগৈৰ কিবোৰ্ডত পৰিচয় বিহীন গীতৰ লহৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। চুমনশ্ৰী দাস আৰু প্ৰজ্ঞাশ্ৰী নাথৰ ভায়োলিনত য়ে শ্যাম মস্তানী, আৰু ভালেকেইগৰাকী ভায়োলিনৰ প্ৰশিক্ষাৰ্থীয়ে একেলগে এক প্যাৰ কা নাগমা গীতটো পৰিৱেশন কৰে। কণ্ঠসংগীত শিক্ষাৰ্থীসকল ক্ৰমে অয়ন কলিতা, জিচা আগৰৱালা, লোকাক্স বৰকাকতি, টেজাংশী জয়ন্তম, নভ্যা বাউৰী, ধীমান্ত কুমাৰ বৰুৱা আৰু বহুকেইগৰাকীৰ কণ্ঠত কোনে আজি আবেলি, যশোমতী মেইয়া চে বোলে নন্দ লালা, বিলিভাৰ আৰু বহুতো গীত পৰিৱেশন কৰে। মেৰা দিল য়ে পুকাৰে আজা গীতটো ১৫ জনীয়া কিবোৰ্ড প্ৰশিক্ষাৰ্থীৰ এটা দলে পৰিৱেশন কৰাৰ উপৰিও প্ৰায় ২৫ খন গীটাৰত বিষ্ণু প্ৰসাদ ৰাভাৰ ৰৈ ৰৈ কেতেকী গীতৰ ঝংকাৰে উপস্থিত দৰ্শকক আপ্লুত কৰে। সংগীতানুষ্ঠানৰ দুগৰাকী সন্মানীয় অভিভাৱিকা গীতাশ্ৰী ভাগৱতী আৰু মৃদুলা শৰ্মাই গোটেই সাংস্কৃতিক অনুষ্ঠানটো সুন্দৰ আৰু সাৱলীলভাৱে আঁত ধৰে। ২০২২ চনৰ কিবোৰ্ডৰ পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰাৰ বাবে মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই জেচলিন কৌৰক ১১,১১১.০০ টকাৰ এখন চেক, এখন শৰাই, মানপত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই চলিত বৰ্ষৰ সংগীত বৃত্তি প্ৰদান কৰে। ২০২২ চনৰ সংগীতৰ বিভিন্ন বিষয়ৰ পৰীক্ষাত ভাল ফল লাভ কৰা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে সকলোকে চাৰ্টিফিকেট আৰু সংগীতৰ এটি প্ৰতীক চিহ্ন দিয়া হয়। দিবাংশু বৰুৱা, চেমচ হাজৰিকা, ত্ৰৈলোক্য চৌধুৰী, কৃতাৰ্থ কান্ত বৰুৱা, লোকাক্স বৰকাকতি, লক্সিতা ৰিজাল, হৰ্ষবর্ধন বড়ো, লভ্যা আগৰৱালা, ধানিষ্ঠা দেৱী, শ্লোষ চাহা, পৃথিকা প্ৰিয়দৰ্শিনী কাশ্যপ, জৰ্ণভ চক্রৱর্তী, বিদিশা দাস, সিদ্ধান্ত প্ৰতীম বৰুৱা, কুনাল চাহা, ড° ৰঞ্জনা গোস্বামী, আৰিয়ান ৰাজ কাকতি, এমেন আচমান আলি, জয়শ্ৰী বৰুৱা, আলিচা গগৈ, অৰণ্যক স্পন্দন শৰ্মা, সূৰ্য্যাংশ প্ৰতিম দাস, পৰিক্ষিত বড়ো, পম্পি জয়ন্তম, জ্যোতিস্মিতা গগৈ আদিয়ে সংগীতৰ বিভিন্ন অনুষ্ঠানত ভাগ লয়। শেষত বহুকেইখন কিবোৰ্ড আৰু গীটাৰত একেলগে ওম জয় জগদীশ হৰে গীতটো পৰিবেশন কৰি বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৩ চনৰ সফল সামৰণি কৰা হয়।