লোকগীতৰ কৰ্মশালা সামৰণি

লোকগীতৰ কৰ্মশালা সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু গোপাল বড়ো বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সহযোগত অনুষ্ঠিত লোক সংগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি মনোজ শইকীয়াই।অনুষ্ঠানটিৰ আঁত ধৰে সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে। বিশিষ্ট চিকিৎসক,গীতিকাৰ,সুৰকাৰ আৰু কন্ঠ শিল্পী ডা° অঞ্জনজোতি চৌধুৰী, বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী,মিন্টু বৰুৱা আদি উপস্থিত থাকে৷এই কৰ্মশালা খনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে লোক সংগীত আৰু অসমীয়া আধুনিক গীত সম্পৰ্কে অধ্যয়ন কৰিবলৈ সক্ষম হৈছে৷