দ্বিতীয় অসমীয়া বোলছবি ইন্দ্ৰমালতী বিষয়ে – মুন শৰ্মা

PC - Wikipedia
দ্বিতীয় অসমীয়া বোলছবি ইন্দ্ৰমালতী বিষয়ে 
মুন শৰ্মা, লখিমপুৰ
প্ৰথম অসমীয়া বোলছবি আছিল জয়মতী কিন্তু দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি?এনেকৈ যদি আমাক কোনোবাই  প্ৰশ্ন কৰে তাৰ উত্তৰ হ’ব ইন্দ্ৰমালতী। চনত ১৯৩৯চনত মুক্তি পোৱা এইখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিৰ্মাণ কৰাৰ ও দ্বিতীয় বোলছবি আছিল  অসমীয়া ছবি জগতৰ প্ৰথম খন বাণিজ্যিক ভাবে সফল ছবি বুলি কব পৰা যায় কাৰণ জয়মতী ছবি খন আছিল এখন বাণিজ্যিক ভাবে বিফল ছবি।তথ্য মতে ১৫হাজাৰ টকাৰ বাজেটৰ এই ছবি খনত অভিনয় কৰিছিল মূল নায়কৰ ইন্দ্ৰজিৎ বৰুৱাৰ ভাৱত মনোভিৰাম বৰুৱাই ইয়াৰ  উপৰিও ফণী শৰ্মাই ললিতৰ ভাৱত অভিনয় কৰিছিল, ভূপেন হাজৰিকাই চলচ্চিত্ৰখনৰ শিশু শিল্পী ৰূপে ওলাইছিল। তেওঁলোকৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সুন্দৰ প্ৰতিম বৰুৱাৰ নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল।তেজপুৰৰ মিছন চাৰিআলিৰ তালবাৰী আৰু  জ্যোতিপ্ৰসাদ আগৰৱালাৰ  কঁঠাল ৰ বাগিচাত চিত্ৰ গ্ৰহণ কৰা এই ছবি খনৰ কাহিনী ভাগ সামাজিক কাহিনী বুলি কয় লগতে  এক সুন্দৰ প্ৰেম কাহিনীৰ ছবি বুলি জনা যায়। তেজপুৰ পটভূমি হিচাপে থকা ছবি খন। অন্য হাতে ছবি খনৰ নামটো লৈ চাবলৈ  গলে সম্ভৱ অসমৰ লগতে গোটেই ভাৰতৰ ভিতৰতে ই প্ৰথম খন ছবি হব যাৰ নাম নায়ক নায়িকা নামৰে গঠিত হৈছে।সফলতাৰ মুখ দেখাৰ পাছতো এই ছবি খনক লৈ  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সন্তুষ্ট হব  পৰা নাছিল কাৰণ বাজেট কম হোৱাৰ বাবে ই এখন উন্নত মানদণ্ডৰ ছবি বুলি কব পৰা নগৈছিল।সিফালে সম্ভৱ বাজেট কম হোৱাৰ বাবে  বহু কাটি কোটি ছবি খন সাধাৰণ ছবিত কৈ চুটি কৰি পেলাব লগা হৈছিল ই ও অন্যতম এটা কাৰণ তেওঁ সন্তুষ্ট হব নোৱাৰাৰ।অভিনয় কৰাৰ বাবদ অভিনয় শিল্পী সকলে কোনো মাননি নোলোৱা এই ছবি খনৰ ৰীল সমূহ ভিতৰত মাত্ৰ দুটা ৰীল হে বৰ্তমান পোৱা যায় কাৰণ কলিকতাৰ যিটো ষ্টুডিয়ত ছবি খন বনাইছিল তাত অংগ্নিকাণ্ডৰ ফলত সংৰক্ষণ  থোৱা  বাকীখিনি ৰীল  জুইত জাহ গৈছিল।আৰু যি দুটা ৰীল   থাকিছিল সেই কেইটা ভূপেন হাজৰিকাৰ দেৱে তেওঁৰ  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী তথ্য চিত্ৰত দেখুৱাইছে। এই অক্ষত অৱস্থাত থকা ৰীল দুটাত ভূপেন হাজৰিকাক শিশু শিল্পী ৰূপে দেখা গৈছে আৰু ছবি খনত থকা  বিশ্ব বিজয়ী নৱ জোৱান গীত টোৰ গোৱাৰ সময়ৰ। যিটোৰ কণ্ঠ তেওঁ দিছিল ছবি খনত। তেওঁ এটা গৰখীয়া ল’ৰাৰ ভাৱত অভিনয় কৰিছিল।এই ছবি খনত মূল নায়িকা মালতীৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাসেশ্বৰী বৰুৱাই।  উল্লেখ্য যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী ছবি খন কৰোতে নাৰীৰ চৰিত্ৰ অভিনয় কৰিবৰ বাবে ছোৱালী বিচাৰি যি কষ্ট কৰিবলগীয়া হৈছিল সেয়া কিন্তু  ইন্দ্ৰমালতী কৰাৰ সময়ত হোৱা নাছিল। ইন্দ্ৰমালতী ছবিত চণ্ডীৰাম নামৰ এটা চৰিত্ৰত অভিনয় কৰা থানু ৰাম  বৰাই জ্যোতিপ্ৰসাদৰ  দায়িত্ব পায়  ৰাসেশ্বৰী বৰুৱা ভাল হব ভাবি তেওঁৰ মাকক কথাটো কলে মনে মনে চিন্তা ও কৰিছিল কাৰণ ছোৱালী জনী বা মাকে দিয়ে বা নিদিয়ে।কিন্তু ভাগ্য ভাল আছিল যে মাক জীয়েক দুয়ো তেওঁৰ কথা শুনি ৰাজী হৈছিল।এই ছবি খনৰ কলা কুশলী সকলৰ মুখৰ পৰা বহু সময়ত ছবি খন কৰি থকা সময়ৰ বিভিন্ন কথা,কাহিনী  উল্লেখ কৰাৰ তথ্য পোৱা যায়। তাৰে ভিতৰত মূল নাইক নায়িকা মালতীৰ ৰূপী ৰাসেস্বৰী বৰুৱাই কৈছিল যে কলিকতালৈ  তেওঁলোকে যেতিয়া ছবি খনৰ কামত গৈছিল তেতিয়া জ্যোতিপ্ৰাসাদ আগৰৱালা  কলিকতা খন চোৱাৰ ব্যৱস্থা কৰি দিছিল। সেয়ে তেওঁ যেতিয়া ৰিহা মেখেলা পিন্ধি কলিকতাৰ ৰাস্তাত খোজ দিছিল তেতিয়া ফুট পাথৰ বহুৰ কলিকতাৰ লৰাই তেওঁৰ পিছ লৈছিল।আকৌ এবাৰ ছবিখনৰ এটা দৃশ্যত পানীত ডুব মাৰিব কোৱাত মালতী ৰূপী ৰাসেস্বৰী বৰুৱাই  ডুব বাৰে বাৰে কোৱাৰ পাছতো  নামৰাৰ বাবে এবাৰ দেৱ শৰ্মা নামৰ এজন মানুহে ভৰিত ধৰি পানীৰ তললৈ নি দৃশ্যটো লৈছিল। আৰু সেইদিনা ৰাসেস্বৰী বৰুৱাৰ নাকে মুখে  পানী সোমাই অৱস্থা বেয়া লৈ গৈছিল বোলে।