আবেলিৰ কবিতা ডাঃ যুতিকা ওজা

Pc Unsplash

আবেলিৰ কবিতা

ডাঃ যুতিকা ওজা

আবেলিৰ ভিজা পোহৰত
ব্যস্ত পথৰ একাষে
অহৰহ কোলাহলৰ মাজত
এটি ক্ষণত নামি আহে
জোনাকী এজাক।
কবিৰ হৃদয়ৰ উকমুকনি
উজাৰি আহে কবিতাৰ সুৰেৰে
অদম্য আশাৰে ভৰা গধূলিটো
নিগৰি যায় সুৰৰ মূৰ্চনাৰে
আচল উৰুৱাই
আনন্দৰ পৰিতৃপ্তিৰে
পদপথটি হৈ যায়
সপোনেৰে ভৰা সুৰৰ নদী।