শদিয়াত ছুইফ্ট আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত দুজন যুৱক

শদিয়াত ছুইফ্ট আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত দুজন যুৱক

ৰঙিলী বাৰ্ত্তাসেৱা-  শদিয়াৰ ছৈখোৱাত ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক। আন দুজন যুৱক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। AS04W 5855 নম্বৰৰ শদিয়াৰ দিশৰ পৰা আহি থকা এখন ছুইফট বাহনে মাকুমৰ দিশৰ পৰা আহি থকা এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত গাড়ীখনত থকা দুজনকৈ যুৱকৰ থিতাতে মৃত্যু হয়। আন দুজন গুৰুতৰভাৱে আহত হয়। আহত যুৱক দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।