কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ২০ জুনত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমীয়া বিভাগ আৰু মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয় ৷ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কানন মেধি পাটগীৰিয়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু অৱদান সম্পৰ্কে এটি আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা বিষ্ণু ৰাভা সংগীত আৰু কবিতা আবৃতি প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে ৷ অধ্যাপিকা ড° তাচৰিণা হুছেইনে বিষ্ণু প্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ ৰাভা সংগীত প্ৰতিযোগিতাত ১ম স্থান লাভ কৰে বিষ্ণুৰাত বৰাই, ২য় স্থান লাভ কৰে হিয়া কাশ্যপে আৰু ৩য় স্থান লাভ কৰে প্ৰিন্স কৌশিক বৰাই৷ কবিতা আবৃতি প্ৰতিযোগিতাত ১ম স্থান লাভ কৰে হিয়া কাশ্যপে, ২য় স্থান লাভ কৰে বিষ্ণুৰাত বৰাই আৰু ৩য় স্থান লাভ কৰে বিজু বড়োৱে৷ অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ সম্পাদক মনজিৎ বসুমতাৰিয়ে৷ অনুষ্ঠানত শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷