সৌ দল ৰাং কুকুৰৰ জাক – নবযানী বৰুৱা শইকীয়া

PC - Adobe Stock

সৌ দল ৰাং কুকুৰৰ জাক

নবযানী বৰুৱা শইকীয়া,
ডিগবৈ , তিনিচুকীয়া

বেলি ডুবিছিল হে মাথোঁ ।
ক’ৰ জানো ৰাং কুকুৰৰ জাক এটাই
নিমাখিত হৰিণী দুটাক
বেৰি লৈ বন্য উল্লাসত মত্ত হৈছিল ।
প্ৰাণৰ মমতাত
কাবৌ কৰি কৰি ভাগৰি পৰা
হৰিণীৰ বিননি শুনি
সেইদিনা জোনটোৱেও থমকি ৰৈ চাইছিল !
গছ পাতে চকুলো টুকি
নিৰ্মম ঘটনাৰ সাক্ষী হৈ
লাজতে থৰ লাগিছিল ।
ৰাং কুকুৰৰ জাকটোৰ
বন্যতাই চৰম ৰূপ লোৱাৰ পৰত
এটি দুটি কৈ
বনজুই হৈ বাতৰি বিয়পি পৰিছিল…
কুকুৰৰ জাক টোৰ সংখ্যা বাঢ়িছিল ।
নেফিয়াই নেফিয়াই জঁপিয়াই পৰি
হৰিণীৰ মঙহৰ সতে খেলিছিল ।
যেন শত শত যুগৰ
ভোকাতুৰ কুকুৰৰ দল ।
হাৰ মানিছিল,,,
হৰিণী দুটাৰ কেঁচা মঙহ
আৰু তেজৰ গোন্ধত
দূৰৈৰ বনৰজাৰ নিদ্ৰা ভংগ হৈছিল ।
সদল বলে পোৱালৈ
বহুত পলম হৈছিল ।
হৰিণীৰ অন্তিম উশাহক
কোনোমতে ধৰি ৰাখি
বনৰজাই বিদ্ৰুপৰ হাঁহি মাৰি মাথোঁ কৈছিল
নিমাখিত হৰিণী ,
অকলসৰে গধূলি নাহিবি…