ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ সৌজন্যত কন্যা সবলীকৰণৰ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ সৌজন্যত কন্যা সবলীকৰণৰ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

ডিব্ৰুগড়,এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৯ জুন তাৰিখে ৰটাৰী ইণ্টাৰনেশ্যনেলৰ এম্পাৱাৰিং গাৰ্লছ ইনিচিয়েটিভৰ অধীনত ডিব্ৰুগড়ৰ “গ্ৰেহেম বজাৰ উচ্চমাধ্যমিক বালিকা বিদ্যালয়”ত এটি বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰা হয়। এই পদক্ষেপ ‘দ্য ৰটাৰী ফাউণ্ডেশ্যনৰ’ পুঁজিৰে জিলা অনুদান নম্বৰ ডিজি ২৩৪৪৭৭০ ৰ অধীনত গ্ৰহণ কৰা হৈছে। শিক্ষানুষ্ঠানখনৰ ছাত্ৰী সকলক কাটিং আৰু টেইলাৰিঙৰ দক্ষতা প্ৰদানৰ বাবে ৬ টা “উষা চিলাই মেচিন” বিদ্যালয় কৰ্তৃপক্ষক গতাই দিয়া হয়। মন কৰিবলগীয়া যে ১৯০৫ চনত প্ৰতিষ্ঠা লাভ কৰা “ৰটাৰী ইণ্টাৰনেশ্যনেলে ” সাতটা ফ’কাচ এলেকাত তেওঁলোকৰ দ্বাৰা মানৱীয় সেৱা চলাই আহিছে । ইয়াৰ ভিতৰত
• শান্তি আৰু সংঘাত প্ৰতিৰোধ / সমাধান।
• ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা।
• পানী আৰু অনাময়।
• মাতৃ আৰু শিশুৰ স্বাস্থ্য।
• মৌলিক শিক্ষা আৰু সাক্ষৰতা।
• অৰ্থনৈতিক আৰু সামূহিক উন্নয়ন আৰু পৰিৱেশ ইত্যাদি।
কন্যা সবলীকৰণ কৰাটোও এটা অন্যতম কৰনীয় কৰ্তব্য, সেইয়া সংস্থাটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কন্যা শিশুক বৃত্তিগত দক্ষতাৰে সজ্জিত কৰাৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত ৰটাৰী ক্লাবসমূহে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। এই পদক্ষেপৰ অংশ স্বৰূপে ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবেও পদক্ষেপ গ্ৰহণ কৰিছে, যিটো উত্তৰ-পূব ভাৰত আৰু পশ্চিম বংগৰ এটা ডাঙৰ অংশ গঠিত আৰ আই আন্তঃৰাষ্ট্ৰীয় জিলা ৩২৪০ ৰ অংশ। এই উপলক্ষে “ডিব্ৰুগড় গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়”ত এখন সভা অনুষ্ঠিত হয় আৰু ইয়াত জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীমতী বিন্তি শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নীনা কাকতি দত্তই আদৰণি জনোৱা অনুষ্ঠানটোত ৰটাৰী পাষ্ট জিলা গৱৰ্ণৰ আৰু ৰটাৰী ইণ্টাৰনেশ্যনেল এম্বেছাদৰ কল্পনা খাউণ্ডে এম্পাৱাৰিং গাৰ্লছ ইনিচিয়েটিভৰ উদ্দেশ্যৰ ওপৰত ভাষণ দি “দ্য ৰটাৰী ফাউণ্ডেশ্যন”ৰ কৰ্মকৰ্তা সকলক প্ৰকল্পটোৰ ৰূপায়ন সম্ভৱ কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মুখ্য অতিথি হিচাপে ডিব্ৰুগড়ৰ স্কুল পৰিদৰ্শিকা বিন্তি শৰ্মাই ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰি কয় যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ দক্ষতা বিকাশৰ এয়া এক বৃহৎ উপহাৰ হ’ব। ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ সভাপতি শ্ৰী চাজিদুৰ ৰহমানে কয় যে ক্লাবৰ সদস্যসকলে বিদ্যালয়খনক চিলাই মেচিন আগবঢ়াবলৈ সক্ষম হোৱাত আনন্দিত হৈছে। তেওঁ লগতে ভৱিষ্যতে বৃত্তিমূলক কেন্দ্ৰটোৰ উন্নয়নৰ বাবে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰধান শিক্ষয়িত্ৰী নীনা কাকতি আৰু সহকাৰী প্ৰধান শিক্ষয়িত্ৰী উৎপলা শৰ্মাক প্ৰকল্পটো সম্পন্ন কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাত ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ ৰটাৰিয়ান আৰ কে টোডী , ৰটাৰিয়ান সুদৰ্শন খাউণ্ড আৰু ক্লাবৰ সম্পাদক বিজয় কুমাৰ নাওকাৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলক উপস্থিত থাকে।