ঋতুৰ ৰাণী শৰৎ
এছ ইছলাম, শিক্ষক,
পঃমইনবৰী,বৰপেটা
শৰৎ তোমাক বিচাৰি পালোঁ
নিচেই পুৱাতে মই,
শেৱালি জোপাৰ ডিঙিত তুমি
আছিলা মালাধাৰী হৈ।
তাকে দেখি. দুৱৰি জোপাই
নিয়ৰৰ মালা পিন্ধে,
সিৰ সিৰিয়া কল পটুৱাই
নীৰৱে চকুলো টুকে।
নদীৰ পাৰত বালিচৰ বোৰত
কঁহুৱা ফুলবোৰ হাঁহে,
ডেকা-গাভৰুৰ উতলা যৌৱনে
চকুত টোপনি নাহে।
ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰিত
উপজিল ঝাওবন,
ইৰিনা বিৰিণা বনৰ হৰিণাৰ
অকল শৰীয়া মন।
পূৱ আকাশত ভোটা তৰাই
ঢিমিক-ঢামাক জ্বলে,
শুভ্ৰ জোনবায়ে কুঁৱলীৰ লগত
লুকা-ভাকু খেলে।
লখিমী আয়ে গাভৰু পথাৰত
মিচিকিয়াই হাঁহে,
কৃষকৰ ভঁৰাল পূৰ্ণ কৰিবলৈ
দাৱনী কিয় নাহে?
অজলা কবিৰ নিঠৰুৱা মন
কোনে বুজি পায়,
সেউজী পাহাৰৰ নিচেই কাষত
প্ৰকৃতিৰ গীত গায়