অসমত প্ৰাণ পাই উঠিছে ৰাষ্ট্ৰীয় খেল হকীয়ে ভেটাপাৰাৰ এম তৈয়বুল্লাহ হকী ষ্টেডিয়ামত আৰম্ভ ল’ৰাৰ হকী প্ৰশিক্ষণ শিবিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ক্ৰীড়া ক্ষেত্ৰত অসমৰ নাম উজলাই তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে চেষ্টাৰ অকণো কৃপণালী নকৰা অসম চৰকাৰৰ ৰাজ্যিক পৰামৰ্শ দাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব তথা অসম হকী সন্থাৰ কাৰ্যকৰী সভাপতি গীতাৰ্থ গোস্বামীৰ অশেষ কষ্ট ত্যাগ স্বীকাৰৰ বাবে অসমত প্ৰাণ পাই উঠিছে ৰাষ্ট্ৰীয় খেল হকীয়ে। এটা সময়ত অসমৰ ল’ৰা ছোৱালী তথা খেলুৱৈ সকলে হকী খেলৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাছিল যদিও ছাত্ৰ যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ নেৰানেপেৰা প্ৰচেষ্টাত সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাক জাক ল’ৰা ছোৱালী ওলাই আহিছে হকী খেলিবলৈ। এই সকল খেলুৱৈক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য ছাত্ৰ আৰু যুৱ কল্যাণ উদ্যোগত তথা অসম হকী সন্থাৰ সহযোগত ভেটাপাৰাৰ এম তৈয়বুল্লাহ হকী ষ্টেডিয়ামত আৰম্ভ হৈছে ১৭ বছৰ অনুৰ্ধ্ব ল’ৰাৰ হকী প্ৰশিক্ষণ শিবিৰৰ৷অহা পোন্ধৰ মে’লৈ চলিব লগা এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ত্ৰিশ খন জিলাৰ এশ বিশ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।ইফালে শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি ভাষণত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব তথা অসম হকীৰ কাৰ্যকৰী সভাপতি গীতাৰ্থ গোস্বামীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী অসমৰ হকী খেলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াসৰে হকী খেলৰ এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।ক্ৰীড়া ক্ষেত্ৰত দেশৰ তিনিখন ৰাজ্যৰ ভিতৰত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ মুখ্যমন্ত্ৰীৰ যি সপোন সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে খেলুৱৈ সকলোক উৎসাহিত কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থাই গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি গোস্বামীয়ে আৰু কয় যে এই প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহণ কৰা খেলুৱৈৰ মাজৰ পৰাই ১৭ অনুৰ্ধ্ব ল’ৰাৰ হকীৰ অসম দল বাছনি কৰা হ’ব । বাছনি হ’ব লগা এই ১৭ অনুৰ্ধ্ব অসমৰ ল’ৰাৰ হকী দলটোৱে প্ৰশিক্ষণ শিবিৰৰ পাছতে উৰিষ্যাৰ ৰুৰ কেল্লাত অনুষ্ঠিত হ’বলগীয়া চাব জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ ২০২৩ ত অংশ গ্ৰহণ কৰিব৷অসমৰ ল’ৰা ছোৱালীয়ে সম্প্ৰতি হকী খেলৰ প্ৰতি দেখুওৱা আগ্ৰহত অত্যন্ত সুখী বুলি উল্লেখ কৰি তেওঁ আশা প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ হকী খেলুৱৈ সকলে শীঘ্ৰে ৰাজ্যৰ নাম উজলাই তুলিব৷ইয়াৰ বাবে খেলুৱৈ সকলোক খেলৰ সা সৰঞ্জামকে ধৰি সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা হ’ব।অনুষ্ঠানটোত ভাৰতীয় অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম হকীৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস,অসম হকীৰ টুৰ্নামেন্ট কমিটীৰ অধ্যক্ষ যুধিষ্ঠিৰ গগৈকে ধৰি ড° ভবেন মোহন, প্ৰদীপ টিমুঙ, বসন্ত চুতীয়া ,কৃষ মণি নাথ, নৱজিত মালাকাৰ, কবিতা মজুমদাৰ, ধ্ৰুৱজ্যোতি ডেকা,ৰূপক বৈশ্য, সীমান্ত দাস আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল৷অনুষ্ঠানটোৰ আঁত ধৰে ভাস্কৰ বিক্ৰম চেতিয়াই। উল্লেখ্য যে সাত গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ শিবিৰত অসমৰ হকী খেলুৱৈ সকলোক প্ৰশিক্ষণ প্ৰদান কৰিব ।