জীৱন- যুগান্ত দাস

Pc The Contemplative Writer

জীৱন

এন্ধাৰৰ বান্ধ বান্ধি
ৰাতি সূতা কাটো
দুৰ্ভিক্ষ দিনৰ
বটা চৰাই হুৰাবলৈ ।

টুলুং ভুতুং জীৱন দিঙা
মৰিবলৈ‌ সাহ নোহোৱা
উশাহৰ কিলবিলনিত
সপোনৰ পিটনিত জোঁৱাৰ ভাটা ।

ধুলিময় সময়ৰ
অলিখিত ইতিহাস
দেহৰ শিৰাই শিৰাই ।

যুগান্ত দাস
ভৱানীপুৰ