চুতীয়া ৰাজ্যৰ বীৰাংগনা সতী সাধনী – ৰশ্মি ৰেখা দুৱৰা

চুতীয়া ৰাজ্যৰ বীৰাংগনা সতী সাধনী

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

চুতীয়া ৰাজ্যৰ এগৰাকী সাহসী নাৰী সতী সাধনী।সতী সাধনী চুতীয়া ৰাজ্যৰ অষ্টম ৰজা ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণৰ একমাত্ৰ কন্যা।ৰজা  ধৰ্মধ্বজ পালৰ কোনো সন্তান বহুদিনলৈ নাছিল,সেইবাবেই সন্তানৰ আশাত অনেক পূজা-পাতল কৰিছিল।পৰৱৰ্তী সময়ত বুঢ়াকালত তেওঁৰ এটি কন্যা সন্তান জন্ম লাভ কৰিছিল।বহু সাধনাৰ ফলত সন্তানটি লাভ কৰাৰ বাবেই নাম ৰাখে সাধনী।পৰমা সুন্দৰী,সুশিক্ষিতা সাধনী এজন সাধাৰণ চুতীয়া ডেকা নিতাইৰ লগত বিবাহ পাশত আৱদ্ধ হয়।সতী সাধনীৰ সম্পূৰ্ণ নাম হৈছে সাধনী নাৰায়ণ পাল।জন্ম আনুমানিক ১৫ শতিকাৰ  শেষভাগত হৈছিল বুলি জানিব পাৰি।সাধনীৰ আন এটা নাম আছিল “তেজা”।ধৰ্মধ্বজ পালে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপায় চিন্তিত হৈ পৰিছিল।আৰু যোগ্য জোঁৱাই  নোপোৱাৰ বাবে ৰজাই বিবাহৰ কাৰণে স্বয়ম্বৰ আয়োজন কৰিবলৈ নিৰ্ণয় কৰিলে।ৰজাই আদেশ দিলে যিজন লোকে কেৰ্কেটুৱা এটা  কাঁড়েৰে মাৰিব পাৰিব,সেইজনলৈ সাধনীক বিয়া দিব।কোনো বৰা-বুৰুক বা ৰাজকোঁৱৰে কাঁড় লগাব নোৱাৰিলে।ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱা বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে।১৫২০ চনৰ মোঙখ্ৰাঙ (দিহিংমুখ)যুদ্ধত (বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) ধীৰ নাৰায়ণৰ সেনাই আহোম সেনাপতি খেনমোঙক পৰাস্ত কৰি বিজয়ী হয় আৰু ইয়াৰ পাছতে (১৫২২ চন) হাবুং অঞ্চলৰ(বৰ্তমান ঢকোৱাখানা) ব্ৰাক্ষ্মণক ভূমি দান কৰি সাধনী আৰু নিতাইক ৰাজ্যভাৰ দিয়ে।ৰজা ধৰ্মধ্বজ পালৰ সাধনীৰ পাছতেই এজন পুত্ৰ সন্তানৰো জন্ম হৈছিল।নাবালক পুত্ৰ সাধক নাৰায়ণ সৰু হৈ থকাৰ বাবে নিতাইক দায়িত্ব অৰ্পণ কৰি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে।তাৰপাছতেই নিতাই ৰাজ সিংহাসন আৰোহণ কৰে।ৰজা হৈয়ে নিতায়ে নীতপাল নাম লয়।কিন্তু পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাৰ সৃষ্টি কৰে।সেই সুযোগতে আহোম ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰি দখল কৰে (১৫২৬)।সেই যুদ্ধতে নীতিপালৰ মৃত্যু হয়।নীতিপালৰ মৃত্যুৰ পাছত আহোমে সাধনীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।কিন্তু সাধনীয়ে সেই আজ্ঞা অৱজ্ঞা কৰাত আহোম সেনাই বলেৰে তেওঁক বন্দী কৰিবলৈ উদ্যত হয়।তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।প্ৰায়সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান দিছিল বুলি উল্লেখ আছে যদিও গোপালচন্দ্ৰ বৰবৰুৱাৰ টাইভাষাৰ বুৰঞ্জীত ৰাণীৰ(নাঙ-লুং)গাত যাঠি লাগিছিল বুলি উল্লেখ আছে।এই তথ্যৰ পৰাও ৰাণী সাধনীয়ে আত্মসমৰ্পণ নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আহে।কাৰণ আত্মসমৰ্পণ কৰা হ’লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰিব নোৱাৰিলে হয়।এই বীৰাংগনা সতীগৰাকীৰ প্ৰতি  শ্ৰদ্ধা জনাই প্ৰতি বছৰৰ ব’হাগ মাহৰ পূৰ্ণিমা তিথিত অসমত সতী সাধনী দিৱস পালন কৰা হয়।ধৰ্মধ্বজ পালে জোঁৱাইক নীতিপালক ৰাজপাট এৰি দিয়াৰ বাবে সাধক নাৰায়ণ ৰজা হ’ব নোৱাৰিলে।নীতিপালৰ মৃত্যুৰ পাছত আহোমে সাধক নাৰায়ণক মধ্য অসমৰ এজন শৰণীয়া শাসনকৰ্তা কৰি ৰাখে।চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা নীতিপালৰ মৃত্যুৰ পাছতেই চুতীয়া ৰাজ্যৰ অৱসান ঘটে।