পল অণুপল
ৰাহুল কোৱঁৰ, তিনিচুকীয়া
পশ্চিমৰ পছোৱা নাহিবি
নানিবি বিষাদৰ বিননি ,
কতনা দুখৰ আৰ্তনাদ
কতনা বোৱাই লোতক
এই জীৱনটোৱে দেখোন জল্লাহদ ;
মন হেৰাল,জীৱন হেৰাল
অলপতে শুনিবা
ব্যৰ্থতা হৃদয়ৰ ধ্বনি ।
উৰু ওঠাই কৈ যায় দাম্ভিক মাৰি
যমৰ চিকাৰীয়ে
মৃত্যু যদি চিৰযুগমীয়া হয়
তেন্তে অনিবাৰ্য্য বিষন্নই ধৰিব আগুৰি ,
কি নিৰ্দয় চিকাৰী দাঁত
চমতাৰ ডাল যে দেখিয়ে
ধিপ ধিপ কপে বুকু ভয়ত ;
তিৰবিৰ ৰ’দত চোন দিয়ে দণ্ড
জন্নদ যাবলৈওঁ অবাধ্য
যেন ভুৰুকাত ভৰোৱা হাতী ।
সৌন্দৰ্যৰে ভৰা ফুল এপাহি
কাঁইটে কাঁইটে জীৱন কটাই
সেইয়াই নহয় জানো গোলাপৰ পাহি ,
কিয়নো জোৰকৈ বলিছ পছোৱা
ঠুনুকা পাহিবোৰ পৰিছে সৰি
কাঁইটৰ আঁচোৰ,ভোমোৰাৰ মৌ পান(পাণ)
অসহ্য যতনা
নিৰ্জনৰ উন্মাদনাত নিজক পাহৰি যাওঁ
সাৰি যোৱা নাই হেৰৌ পশ্চিমৰ পছোৱা
আগুৰি ধৰিলেওঁ যমৰ চিকাৰীয়ে
তথাপিওঁ নিবিনাওঁ
ভৈৰৱ জীৱনৰ অশ্ৰু বোৱাই
পছোৱা সৈতে মিলি গুছি যাম
হৃদয়ত টঙি এটা সাজি।