গুৱাহাটী প্ৰেছ ক্লাবৰ বিহু হুচৰিৰে আজি মুকলি হ’ব ‘ৰঙালী’ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাবৰ বিহু হুচৰিৰে আজি মুকলি হ’ব ‘ৰঙালী’ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা–  চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তমবৰ্ষৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় ‘ৰঙালী’ মহোৎসৱ৷ সাংস্কৃতিক সমন্বয়, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ উদ্দেশ্য আয়োজন কৰা ‘ৰঙালী’ত এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সোজন্যত সাংবাদিকৰ বিহুৰে মুকলি হয় সাংস্কৃতিক অনুষ্ঠান৷ গুৱাহাটীস্থ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্ৰায় ১৫ গৰাকী সাংবাদিকে পৰিৱেশন কৰে বিহু অনুষ্ঠান৷ তদুপৰি, অসম তথা উত্তৰ পূবৰ প্ৰায় ৩০০ তকৈ অধিক শিল্পীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰে এই অনুষ্ঠানত৷ উল্লেখ্য যে, উদ্যমীতাৰ বাবে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক জয়ন্ত বৰুৱা আৰু দীৰ্ঘদিন ধৰি সাংস্কৃতিক ক্ষেত্ৰখনত মনোৰঞ্জন প্ৰদান কৰি অহাৰ বাবে ‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰী ড॰ সঞ্জীৱ নাৰায়ণক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব এইবাৰৰ ‘ৰঙালী’ মহোৎসৱত৷