সত্ৰাধিকাৰ ভগ্নেশ্বৰ মহন্তৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- অবিভক্ত কামৰূপ জিলাৰ শুৱালকুছিস্থিত ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ দশম জনা সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভগ্নেশ্বৰ মহন্ত প্ৰভুজনাৰ সন্ধিয়া ৫ বাজি ৫৫ মিনিটত ইহলীলা সম্বৰণ কৰে । তেওঁৰ প্ৰয়াণৰ বাৰ্ত্তায়ে সছাঁকৈয়ে মৰ্মাহত কৰি তুলিছে ।তেওঁৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷তেওঁ সহজ সৰল,অমায়িক স্বভাৱৰ লোক আছিল৷ তেওঁৰ অনুপস্থিতি সত্ৰীয়া সমাজ খনে সদায়ে অনুভৱ কৰিব । ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰ পৰম্পৰা অনুসৰি উদাসী দৰে এটি কঠিন ব্ৰত ধাৰণ কৰা প্ৰভুজনাৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰি মহাপুৰুষৰ শ্ৰীপদ কমলত সেৱা নিবেদিন কৰাৰ লগতে ডেকা সত্ৰাধিকাৰকে মুখ্যে তেওঁৰ সমূহ অনুগামী তথা হিতৈষীলৈ সমবেদনা জ্ঞাপন কৰা হয়৷
