প্রাক্তন সঞ্চালক চিত্তৰঞ্জন কৰ্মকাৰৰ বিয়োগত শোক প্রকাশ জনসংযোগ পৰিয়ালৰ
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগৰ প্ৰাক্তন সঞ্চালক চিত্তৰঞ্জন কৰ্মকাৰৰ কালি চুৰাটত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অতিৰিক্ত সঞ্চালক প্রদীপ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত এখন শোকসভাত প্রাক্তন সঞ্চালকগৰাকীৰ মৃত্যুত জনসংযোগ পৰিয়ালে গভীৰ শোক প্রকাশ কৰে। উল্লেখযোগ্য যে ১৯৪০ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত কৰ্মকাৰে ১৯৬৩ চনৰ ২৭ জুলাইত প্রথমে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ৰূপে জনসংযোগ বিভাগত যোগদান কৰিছিল । পিছলৈ ক্ৰমে জিলা তথ্য আৰু জনসংযোগ বিষয়া, উপ সঞ্চালক, যুটীয়া সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৯৭ চনৰ ১৬ ডিচেম্বৰত সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰে । তেওঁ সুদীৰ্ঘ ৩৪ বছৰতকৈ অধিক কাল সফলতাৰে সেৱা আগবঢ়াই ১৯৯৮ চনৰ ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আজি অনুষ্ঠিত শোকসভাত প্রয়াত প্রাক্তন সঞ্চালকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয় ৷
