অন্যান্য এক
চিনি পোৱাৰ পৰাই দেখিবলৈ পাওঁ
পূৱত পুৱাই বেলি।
দিনৰ শেষত নিতৌ পশ্চিমত ঘূৰি যায়
ৰাতিক নিমন্ত্ৰণ কৰি।
নিজৰ গতিত চলিছে নিয়ন্ত্ৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ
কোনো দিন ভুল কৰা নাই ।
সময় বোৰ একে আছে ঘড়ীটো একে চলে
সময় মতে দি যায় উত্তৰ ।
প্ৰকৃতিয়ে সকলো সময়তে কৰি যাই দি যাই
সময়ৰ লগত জড়িত মাদকতা ।
আমি মানুহবোৰে একো গতানুগতিক দিব পৰা নাই ।
সময় মতে চলিব শিকিব নোৱাৰি সময়ক দুখ
দিওঁ জীয়াই থকাৰ দিন কেইটা ।
দাই সাৰি সামৰণি মাৰি অন্তিম ক্ষণত যাব
লাগে একো নুবুজা সাঁথৰ হৈ ।
মনোজ বৰা
যোৰহাট
যোৰহাট
