ষ্টেচন – মুন শৰ্মা

PC - wikipedia
অণুগল্প
ষ্টেচন
মুন শৰ্মা, লখিমপুৰ
ষ্টেচনত ট্ৰেইনৰ অপেক্ষাত, অধিকাংশ মানুহে ঐ ভাগ,কি লাগে তোক,নাই যা, এই চবৰ পৰা শান্তি নাই আদি শব্দ উচ্ছৰ্গা কৰাৰ পাছত লৰাটো আহি মোৰ কাষত কিবা এটা পোৱাৰ আশাত ৰৈছিল মই কিন্তু শব্দৰ ঠাইত দুটামান দহ টকীয়া নোট হে” উচ্ছৰ্গা কৰিলোঁ। কিয়নো, মই বুজিছিলোঁ দুটামান শব্দ কৈ দুটামান টকাৰ প্ৰয়োজন সিহঁতৰ বেছি ।কাৰণ সিহঁত বিকলাংগ, এমুঠি অন্ন যোগাৰত সিহঁত অসমৰ্থ।