হেঁপাহ
কোনো দিনেই কবি হোৱাৰ হাবিয়াস
ৰখা নাই মই ।
কিন্তু এটা ধুনীয়া কবিতা লিখাৰ হেঁপাহ
মোৰ কলমত চিৰন্তন ।
শব্দবোৰ বাৰে বাৰে আউল লাগে অথচ
অনুভৱবোৰে হাৰ নামানে ।
হৃষ্টপুষ্ট মোৰ আশাবোৰৰ বিশ্বাস এদিন
আৱেগৰ পলসত সৃষ্টি হব এটা পৈণত
কবিতা ।
যি য়ে জাতিষ্কাৰ কৰি তুলিব দিনলিপিৰ
উকা পাতবোৰত শব্দ জংকাৰ ।
আৰু সেইদিনাই অনুভৱ বোৰক দেখনিয়
কৰি সজাই তুলিম নীলা চিয়াঁহী ৰে
সকলোৱে পঢ়ি ভালপোৱাকৈ ।
কিয়নো….
কবি হোৱাৰ হাবিয়াস হে কোনো দিন
ৰখা নাই।
কিন্তু এটা ধুনীয়া কবিতা লিখাৰ হেঁপাহ
মোৰ কলমত চিৰন্তন ।
মনোজ বৰা
যোৰহাট
যোৰহাট
