‘মাউণ্ট কাঞ্চনজংঘা অভিযান – ২০২৩’ ৰ শুভাৰম্ভ কৰিলে মাননীয় ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে 

‘মাউণ্ট কাঞ্চনজংঘা অভিযান – ২০২৩’ ৰ শুভাৰম্ভ কৰিলে মাননীয় ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে 

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- কাঞ্চনজংঘালৈ অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা ‘মাউণ্ট কাঞ্চনজংঘা অভিযান ২০২৩’ ৰ  দেশৰ মাননীয় ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰেঅসম ভ্ৰমণলৈ অহা দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে আৰু অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচঞ্জ এক্স বেটন আৰু অভিযানৰ পতাকা অৰ্পণ কৰে ৷  এই অভিযানৰ শুভাৰম্ভ কৰি মাননীয় ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে কয় যে প্ৰকৃতিৰ এক সুন্দৰ সৃষ্টি হ’ল কাঞ্চনজংঘাএই কাঞ্চনজংঘা পৰ্বতাৰোহণ অভিযানৰ প্ৰাকমুহূৰ্তত পৰ্বতাৰোহীসকলক আশীর্বাদ দিয়াৰ সুযোগ পাই তেওঁ নিজকে ভাগ্যশালী বুলি অভিহিত কৰে আৰু অভিযানৰ সফলতা কামনা কৰে । এই অভিযান সফল হ’বই বুলি মন্তব্য কৰি তেওঁ এই সফলতাই ভৱিষ্যতে অন্যান্য পর্বতাৰোহীসকলকো প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে ৷  অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া, অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান -২০২৩ৰ সৈতে জড়িত বিষয়ববীয়াসকল উপস্থিত থাকে।  অনুষ্ঠানৰ আৰম্ভণিতে এই অভিযানৰ ‘চীফ দ্য মিছন’ৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়। ইয়াৰ পিছতে পৰ্বতাৰোহণ অভিযানৰ মুখ্য আহ্বায়ক সত্যেন শর্মাই ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অভিযানৰ স্মাৰক অৰ্পণ কৰে। এই অভিযান উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তই। উল্লেখ্য যে এই অভিযানৰ সম্পূৰ্ণ ব্যয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে বহন কৰিছেকাঞ্চনজংঘা অভিযানকাৰী সাতজনীয়া দলটোৰ নেতৃত্ব বহন কৰিছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী মানস বৰুৱাইউপ দলনেতাৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী। দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্ৰৱৰ্তী (যুটীয়া উপ দলনেতা), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ। দলটোৱে অহা ৰৰ এপ্ৰিলত গুৱাহাটীৰপৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিব ৷ আনহাতে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হ’বতাৰপৰা তেওঁলোকে হিমালয়ৰ ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্রেকিং কৰিব। দলটো অহা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হ’ববেছ কেম্পৰপৰা ছামিট কেম্পলৈ চাৰিটা কেম্প অতিক্রম কৰাৰ পাছত দলটোৱে অহা ১৩—১৮ মে’ৰ ভিতৰত শিখৰ আৰোহণৰ চূড়ান্ত প্রচেষ্টা চলাব।