আপেলৰ বৰফি-মাজনী কৌশিক

আপেলৰ বৰফি

#সামগ্রী:৪টা আপেল,গৰুৰ ঘীউ, চেনী, নাৰিকলৰ শুকান গুৰি,অকনমান ফুড কালাৰ, পাউদাৰ গাখীৰ ,কাঠ বাদাম/কাজু।

#প্ৰণালী:- ৪টা মধ্যমীয়া আকাৰৰ আপেলৰ বাকলি গুছাই পিহনাৰে পিছি ল’লো।কেৰাহী গৰম কৰি তাতে ২চামুচ গৰুৰ ঘীউ দি ঘীখিনি গৰম হোৱাত তাতে পিছি থোৱা আপেলৰ মিশ্রণ খিনি দি ৩ মিনিট মান মধ্যমীয়া জুইত ভাজি ল’লো।মিশ্রণখিনিত ৪ চামুচ চেনী দি সেইখিনি ভালদৰে মিলাই লৈছো। তাৰ পাছত ৫ চামুচ নাৰিকলৰ শুকান গুৰি আৰু ১৫টা মিহি মিহিকৈ কাটি লোৱা কাঠবাদাম, মিশ্রণ খিনিত দি ভালদৰে লৰাই ল’লো। ৰঙৰ বাবে মই আধা চামুচ কেশৰ ফুড কালাৰ মিলাই ভালদৰে ভাজি লৈছো(এইটো সম্পূর্ণ বৈকল্পিক)।সোৱাদতো বঢ়াবলৈ ৭/৮ মিনিট মানৰ পাছত তাতে ৫ চামুচ পাউদাৰ গাখীৰ দি কম জুইত ১০ মিনিট মানৰ বাবে আকৌ লৰাই লৰাই আপেলৰ পানী খিনি নাইকীয়া হোৱালৈকে ভাজি ল’লো।আটাৰ লাডুৰ দৰে হোৱাত নমাই থলো। এতিয়া এখন থালত ঘীউ সানি মিশ্রণখিনি বাকি লৈ সমান কৰি ল’লো , দেখিবলৈ আৰু অকণমান ধুনীয়া হ’বৰ বাবে ৭টা মান কাঠবাদাম মিহি মিহিকৈ কাটি তাতে চতিয়াই টিপি টিপি দিলো। তাৰ পাছ ২ ঘন্টা মান ফ্ৰীজত ৰাখি বৰফি আকাৰত কাটিলো।

মাজনী কৌশিক
 পুলিবৰ, যোৰহাট