তৃণমূল কংগ্ৰেছৰ পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ কামৰূপ আৰু তামুলপুৰ জিলা তৃণমূল কংগ্ৰেছৰ যৌথ উদ্যোগত পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰঙিয়া পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে হাতে হাতে প্লেকাৰ্ড আৰু দলীয় পতাকা লৈ ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি বৰ্ধিত পৌৰকৰ প্ৰত্যাহাৰৰ দাবী জনাই পৌৰপতিৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যসচিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা , উত্তৰ কামৰূপ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অঞ্জন কুমাৰ দাস , তামুলপুৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি গৌৰীশংকৰ শৰণীয়া , উত্তৰ কামৰূপ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী চাবিদা বেগম সমন্বিতে দলৰ জিলা পৰ্যায়ৰ ভালেমান নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷