ফুলিল নে নুফুলিল মাধৈমালতী- ইভা গন্ধীয়া ফুকন

Pc Wikipedia
ফুলিল নে নুফুলিল মাধৈমালতী
পৰিভ্ৰমী পখীৰ দৰে
ফাগুন তুমি উৰি গৈ আছা
ছাঁ হৈ মইয়ো গৈ আছো তোমাৰ স’তে
তোমাৰ ডেউকাৰ বতাহ আহি
মোৰ গাত লাগিছেহি
মই তোমাক চুব পৰা নাই —
সৰা পাতৰ বিননী আওকাণ কৰি
বিৰিখৰ হালধীয়া ভৰুণ আঁতৰাই
তুলি দিছা সেউজীয়া ঠিকনা —
মোৰ গহন বনত
ফুলিল নে নুফুলিল মাধৈমালতী
মোৰ পদূলিত বহাই গ’লা
তোমাৰ খোজৰ আল্পনা—
উজাগৰী নিশা ঋতুবোৰ মন্থন কৰি
ছটিয়াই দিলা মোক
মুঠি মুঠি সপোন হালধীয়া—
অহা বাটেৰে আকৌ গুচি গ’লা
দুচকুত পলৰীয়া সপোনৰ সুবাস সানি —
এনেকৈযে আকৌ আহিবা অঘৰী ফাগুন
সেউজ শস্যভূমিত আকৌ
দুয়ো মুখামুখি হ’ম
হাতত তুলি দিম
মোৰ অন্তঃস্রোতা হৃদয় নদীত
ডুবি থকা হেঁপাহৰ টোপোলাটি ——
                            ইভা গন্ধীয়া ফুকন