হাজোৰ কেদাৰ মন্দিৰৰ শিৱকুণ্ড পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু

হাজোৰ কেদাৰ মন্দিৰৰ শিৱকুণ্ড পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- হাজোৰ পাঁচখন তীৰ্থস্থানৰ এখন অন্যতম কেদাৰ মন্দিৰত থকা শিৱকুণ্ড পুখুৰীত অস্বাভাৱিকভাৱে মৃত্যু হৈ শ শ মাছৰ । মৃত মাছবোৰ পানীত উপঙি উঠিছে। মৃত্যু হৈছে কেইবাটাও ৰাজহাঁহৰো। পুখুৰীটোৰ পানী প্ৰদূষিত হৈ অক্সিজেনৰ অভাৱ হোৱাৰ বাবেই এনেধৰণে মাছৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে মন্দিৰ পৰিচালনা সমিতিয়ে।