কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব – চন্দ্ৰ শেখৰ পৰাজুলী

কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

কন্যা এগৰাকীক বিয়া কৰি আনিবলৈ যাওঁতে যেতিয়া দৰা পক্ষৰ ঘৰৰ পৰা বা দৰা হ’বলৈ যোৱা লৰাজনে বিয়া কৰিব লগীয়া কন্যা নাইবা কন্যা পক্ষৰ ঘৰৰ মানুহক বিয়াৰ বিনিময়ত ধন, সম্পত্তি বা কিবা সামগ্ৰীৰ দাবী জনোৱা নিয়ম বা পৰম্পৰাকে যৌতুক প্ৰথা বুলি আমি সাধাৰণতে জানো। আচলতে হিন্দু সমাজত নাৰীসকল পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বাবে অনেক আগৰ পৰাই হিন্দু সমাজত নাৰীসকলোক বিবাহৰ সময়ত যৌতুক দিয়াৰ প্ৰচলন আছিল । কিন্তু এতিয়া গৈ গৈ যৌতুক প্ৰথা এক কন্যা পক্ষৰ ঘৰৰ বাবে কষ্টকৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে। কিন্তু ২০০০ চনত নাৰী তথা শিশু নিৰ্যাতন দমন আইন অনুসৰি যৌতুক দিয়া বা লোৱা উভয় পক্ষকে শাস্তি মূলক অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। অপৰাধ যদি প্ৰমাণিত হয় তেন্তে উভয়ে ১ ৰ পৰা ৫ বছৰ লৈকে কাৰাদণ্ড বা জৰিমনা দিব লগিয়া হব পাৰে। ইয়াৰ আগতেও ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ১৯৬১ চনতে যৌতুক লোৱা বা দিয়া বা দাবি কৰাৰ শাস্তি সৰ্বোচ্চ ছয় মাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ ৰূপী জৰিমানা ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল।গতিকে উপৰোক্ত আলোচনাতে উল্লেখ কৰিছোঁ যে, আমাৰ দেশত অৰ্থাৎ পুনপ্ৰথমে হিন্দু সমাজত নাৰী সকলক পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বিষয়ে চিন্তা চৰ্চা কৰি কন্যা সন্তানক বিয়া দিয়াৰ লগে লগে তাৰ বিনিময়ত কন্যা পক্ষৰ মানুহে নিজৰ ইচ্ছা অনুসৰি কিবা নহয় কিবা দানত দিয়া প্ৰচলনক এসময়ত গৈ গৈ যৌতুক প্ৰথাৰ ৰূপ ল’লে। তথাপিও চাওঁক আজিৰ সময়তো কন্যা সন্তানক পিতৃ পক্ষৰ সম্পত্তিৰ পৰা বঞ্চিত ৰখা হয়। এইটো উচিত নে অনুচিত এবাৰ এবাৰ সকলোৱে বহু চিন্তনীয় বিষয়। যৌতুক প্ৰথাৰ সূত্ৰপাত হোৱা মূল শিপাবোৰ আজিও কিন্তু জীবিত অৱস্থাত আছে। এতিয়া অন্তিম মই কওঁ প্ৰতিজন দৰাই কন্যা পক্ষৰ মানুহক লগতে কন্যাক যৌতুকৰ দাবী কৰিব। কিন্তু ইয়াতে কথা হ’ল কি কি দাবী কৰিব ?। চাওঁক কন্যা এজনীয়ে বিয়াৰ সময়ত খালি হাতেৰে বিয়া হৈ আহিলেও সেই কন্যা গৰাকীৰ আচাৰ, ব্যৱহাৰ,সংস্কাৰ, চৰিত্ৰ আদি সকলোবোৰ পুন প্ৰথমে নিজ পৰিয়াল আৰু   ডাঙৰ হৈ আহি বিবাহ হোৱাৰ সময়লৈকে নিজৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে যৌতুকত আপুনি দৰা হিচাপে বা দৰা পক্ষৰ মানুহ হিচাপে এগৰাকী কন্যা বা কন্যা পক্ষৰ মানুহবোৰক উচ্চ গুণসম্পন্ন ছোৱালী এজনীয়ে যৌতুক বিচাৰি আগবাঢ়ি যাব। কাৰণ ধন, সম্পত্তি নাইবা কিবা সামগ্ৰীবোৰে কেৱল আপোনাক সন্তেকিয়া সুখ প্ৰদান কৰিব কিন্তু গোটেই জীৱন স্ত্ৰী আৰু স্বামীয়ে একেলগে মিলি কটাবলগীয়া হয়। জীৱন সংগী বিচাৰি গৈ সন্তেকিয়া সুখৰ মায়াজালৰ সোমাই নপৰিব।