ছোৱালীৰ জীৱনটো ইমান সহজ নহয় – ৰিছামনি আকতাৰা

ছোৱালীৰ জীৱনটো ইমান সহজ নহয় 
ৰিছামনি আকতাৰা, মৰিগাঁও
২০ টা বছৰ পাৰ হৈ যোৱাৰ লগে লগে একাংশ ছোৱালী নীৰৱতাত থাকি ভাল পাব ধৰে আচলতে এনে নহয় তাই অহংকাৰী।পঢ়া-শুনা কৰি বেকাৰ ল’ৰা এজনৰ দৰে তাইৰো ইচ্ছা হয় কিবা কৰিবলৈ নিজৰ ভৰিত থিয় হ’বলৈ। গভীৰ নিশাত চকুলো মচা মানেই নাভাবিব প্ৰেমত বিসংগতি ঘটিছে। আপুনি হয়তো নাজানে তাইৰ মনত কি ভগ্ন সপোনে লুকাভাকু খেলিছে, কেতিয়াবা খঙাল ৰূপত নিজকেই চায় কেতিয়াবা আকৌ হতাশত ভুগে।সপোনতো ছোৱালীৰো থাকে, পিতৃৰ পৰা আৰু কিমান খুজিব? কেতিয়াবাতো এনেকৈয়ো ক’বলৈ মন যায় লোৱা বজাৰত চাহ একাপ খাবা,মোৰ পছন্দমতে তোমালোকৰ বাবে কাপোৰ এযোৰ আনিছোঁ, দেউতাই মৰমতে ধমকো দিব কি দৰকাৰ আছিল মোৰ বাবে এইবোৰ কিনাৰ মায়ে ক’ব মোৰ আছেই দেখোন। আচলতে তেওঁলোকৰ চকুত তেতিয়া এক ধৰণৰ আনন্দৰ মুকুতাহে দেখিবলৈ পোৱা যায়, নিজৰ সন্তানে নিজ উপাৰ্জনেৰে যে কিবা হাতত তুলি দিছে।এইখিনি সপোনৰ হতাশেই শেষ নহয় চুবুৰীয়া আন্টিসকল আছেই নহয়”আৰে ইমান পঢ়াই নো কি লাভ হ’ল আজিকালি চাকৰি জানো ইমান সহজ” “কি দৰকাৰ ছোৱালী মানুহ এনেও লোকৰ ঘৰত গৈ ৰান্ধিয়েই খাব লাগিব ” আত্মীয় /আন্টি সকলৰ এই মধুৰ বক্তব্যবোৰ কেনেকৈ হজম কৰে এই কথা কেৱল ছোৱালী সকলেই উপলব্ধি কৰিব পাৰিব। ছেড ষ্টেটাচ লগালেও সমালোচনা ইয়াৰ নিশ্চয় কিবা হৈছে, ঘৰৰ পৰা ওলালেই  সমালোচনা এতিয়াও বিয়া হোৱা নাই , ইমান বয়স ক’তনো আৰু ভাল ল’ৰা আহিব। এইবোৰ শুনাই শুনাই ছোৱালীবোৰক এনেকুৱা “মানসিক শাৰাশাস্তি” দিয়ে অৱশেষত ছোৱালীজনী বাধ্য হয় আঁতৰি ফুৰে আত্মীয় মানুহ সকলৰ পৰা। ভাল কাম এটা কৰিব কেইজনমান মানুহৰ মুখতহে তাৰ প্ৰশংসা শুনিব পাব, তাৰ ভিতৰত একাংশ লোক জ্বলি পুৰি মৰিব আমাৰ টকা-পইচা থাকোঁতেও ল’ৰা-ছোৱালীক পঢ়াব নোৱাৰিলোঁ তাৰে বেছিভাগে আকৌ ঋণাত্মক দিশবোৰ খুঁচুৰি ওলাব । কেৱল এইবোৰেই শেষ, নহয় বিয়া বুলি ক’লেই ইমান সহজতে জানো সিদ্ধান্ত ল’ব পৰা যায়, বিয়াটো লাইফৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয়, ভাবি চিন্তিয়েইতো ল’ব লাগিব না।ইফালে নিজৰ পছন্দমতে ক’বলৈ হ’লেও ভয় ঘৰৰ কথা নামানে পড়-শুনা কৰি নিজেই সিদ্ধান্ত লয়, ঘৰৰ পৰা বিচাৰিব চাকৰিয়াল ল’ৰা আকৌ মানুহে ক’ব ছোৱালীৰো লেভেল আছে বিয়াটো হ’বনো ক’ৰপৰা চাকৰি থকা ল’ৰা লাগে।কোনোদিনাই চিনি নোপোৱা  , বুজি নোপোৱা মানুহ এজনৰ সৈতে এখন অচিনাকি ঘৰত জীৱন কটোৱা,সকলোৰে লগত ভাল হৈ চলিব পৰা সপোননো কাৰ নাথাকে । এইখিনি কথাতো মেচ্চয়ুৰ্ট ছোৱালী এজনীয়েই ভাবিব না। সকলো কন্দাৰ কাৰণ প্ৰেমৰ বিফলতা নুবুজায় কিছু চকুলোবোৰৰ কাৰণ শিতানৰ গাৰুটোক হে সুধিলে পোৱা যায় ।