ৰাজ্যৰ বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে শিশুকে ধৰি ৪গৰাকী ব্যক্তিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত একেদিনাই বজ্ৰপাতত কৰুণ মৃত্যুক সাৱটিলে শিশুকে ধৰি চাৰিগৰাকীয়ে। মহানগৰীৰ সাতগাঁও, মঙলদৈ আৰু বঙাইগাঁৱত এই ঘটনা সংঘটিত হয়। বজ্ৰপাতত মহানগৰীৰ সাতগাঁৱত মৃত্যুমুখত পৰে মমতা বেগম নামৰ শিশুটি। সাতগাঁৱৰ প্ৰগতি নগৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মমতাই চোতালত বায়েকৰ লগত খেলি থাকোঁতে ব্ৰজপাতত মৃত্যুমুখত পৰে।আনহাতে মঙলদৈৰ নিকটৱৰ্তী গাটপাৰত খেতি কৰি থকা অৱস্থাতে বজ্ৰপাতত এগৰাকী বৃদ্ধৰ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম মজুৰুদ্দিন বুলি জানিব পৰা গৈছে।ইয়াৰ পিছতে বজ্ৰপাতৰ তৃতীয়টো ঘটনা সংঘটিত হয় বঙাইগাঁৱত। বঙাইগাঁৱৰ চুকানীত এই শোকাৱহ ঘটনাত দ্বীপজ্যোতি ৰায় আৰু জিন্তু কুমাৰ ৰায় নামৰ দুজন কলেজীয়া ছাত্ৰৰ মৃত্যু হয়। চুকানী ৰাসবজাৰত এই ঘটনা সংঘটিত হয়। বজাৰ কৰিবলৈ গৈ ছাত্ৰ দুজন মৃত্যুমুখত পৰে।