প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ ৩জনক গ্ৰেপ্তাৰ

Pc Northeast Now

প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ ৩জনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ এইপৰ্যন্ত ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে । সোধা–পোছাৰ বাবে ৭গৰাকী শিক্ষাৰ্থীক আটক কৰিছে চিআইডিয়ে। জাগুন, গোগামুখ, ঢলা, জোনাই আৰু সোণাৰিৰ পৰা আটক কৰা হৈছে এই শিক্ষাৰ্থীকেইজনক। আটক হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত অধিকাংশই ছল্ট ব্ৰুকৰ বুলি জানিব পৰা গৈছে। সোধা–পোছাত শিক্ষাৰ্থীকেইজনৰ পৰা লাভ কৰিছে প্ৰশ্নকাকত ফাদিলৰ তথ্য। এই সন্দৰ্ভত গুৱাহাটীৰ ভাউৰীদেৱী ছেৰাউৰী মুকবধিৰ বিদ্যালয়ৰ ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু বাহন চালক বিন্দেশ্বৰ টিমুং। পাণবজাৰ মহিলা থানাত ৰখা হৈছে জ্যোতিৰেখা বৰগোঁহাইক। ছেবাৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চিত্ৰ ৰয়কো আটক কৰা হৈছে। কেন্দ্ৰটোত কমকৈ পোৱা গৈছে প্ৰশ্নকাকতৰ টোপোলা। বিজ্ঞানৰ ৪২টাৰ বিপৰীতে পোৱা গৈছে ৪১টা টোপোলা। প্ৰশ্নকাকত নিয়া গাড়ীখনৰ চালক আছিল বিন্দেশ্বৰ টিমুং। দিছপুৰ থানাৰ পৰা লৈ গৈছিল প্ৰশ্নকাকতৰ টোপোলা। ইফালে, ছল্ট ব্ৰুক একাডেমীৰ অধ্যক্ষক জেৰাৰ অন্তত নিশাই যাবলৈ দিয়ে আৰক্ষীয়ে। সোধা–পোছা কৰা হৈছে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাকো। আনহাতে, চি আই ডিক তদন্তত সহযোগ কৰিছে ধেমাজিৰ শিক্ষা বিষয়া কবিতা ডেকাই।চি আই ডিক তথ্য দিছিল ধেমাজিৰ স্কুল পৰিদৰ্শকগৰাকীয়ে। কবিতা ডেকাই লাভ কৰিছিল প্ৰশ্নকাকত ফাদিলৰ তথ্য।