সাহিত্য অকাডেমিৰ ভাষা সন্মান প্ৰাপক তিৱা সাহিত্যিক হৰচিংশ খলাৰক “বহুবাক”ৰ অভিনন্দন ‌‌‌‌‌ 

সাহিত্য অকাডেমিৰ ভাষা সন্মান প্ৰাপক তিৱা সাহিত্যিক হৰচিংশ খলাৰক “বহুবাক”ৰ অভিনন্দন ‌‌‌‌‌ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অন্যতম জনগোষ্ঠী “তিৱা”ৰ বিশিষ্ট লেখক হৰচিং খলাৰক সাহিত্য অকাডেমিয়ে‌ দেশৰ ৰাজধানী নতুন দিল্লীত “ভাষা সন্মান ” প্ৰদান কৰাত অসমৰ সমন্বয়-সংহতিৰ অন্যতম সাহিত্যানুষ্ঠান “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক” এ সাহিত্য অকাডেমিৰ বদান্যতাক ভূয়সী প্ৰশংসা কৰে । লগতে তিৱা‌‌ জনগোষ্ঠীৰ অন্যতম সাহিত্যিক হৰচিং খলাৰকো অভিনন্দনৰে উপচাই দিয়ে । এক প্ৰেছ বিজ্ঞপ্তিত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এজন যোগ্য জনৰ হাতত এই সন্মান পোৱাতোত আনন্দিত হৈছো । পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচু সমষ্টিৰ অন্তৰ্গত উমাচাৱাইৰ সমীপৰ চিকদামাখা গাঁৱৰ বাসিন্দা হৰচিং খলাৰ এজন নিৰৱ সাহিত্য সাধক । তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় ভাষা সম্পাদক তথা সভাৰ কাৰ্বি আংলং জিলাৰ সভাপতি খলাৰক পৰাগজ্যোতি প্ৰকাশনৰ তৰফৰ পৰা অভিনন্দন জনাইছে।