গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত এটা মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত এটা মৃতদেহ উদ্ধাৰ হৈছে। পানীত উপঙি থকা অৱস্থাত ৰাইজে মৃতদেহতো প্ৰত্যক্ষ কৰে। ৰাইজে লগে লগে আৰক্ষী প্ৰশাসনক খবৰ দিয়ে। খবৰ পোৱা মাত্ৰকে আৰক্ষী সেইস্থানত উপস্থিত হয়। বৰ্তমানলৈকে আৰক্ষীয়ে লোক জনক চিনাক্ত কৰিব পৰা নাই। মৃত ব্যক্তিজনৰ ক’ত, কেনেকৈ মৃত্যু হৈছিল সেই বিষয়েও কোনো তথ্য পোহৰলৈ অহা নাই। আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।