ধীৰেনপাৰাত মৰাভৰলু পাৰত অৱস্থিত অবৈধ বজাৰ উচ্ছেদ

ধীৰেনপাৰাত মৰাভৰলু পাৰত অৱস্থিত অবৈধ বজাৰ উচ্ছেদ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পূব ধীৰেনপাৰাৰ মৰাভৰলু পাৰত অবৈধভাৱে গঢ়ি উঠা বজাৰ সমূহ গুৱাহাটী পৌৰ নিগমে উচ্ছেদ কৰে৷ গুৱাহাটী পৌৰ নিগমৰ সমাহাৰ্তা বিষয়া তুলসী ৰঞ্জন কলিতাৰ উপস্থিতিত উচ্ছেদ অভিমান চলাই প্ৰায় ৩০ খন শাক পাচলি,মাছ,মাংস আদিৰ দোকানসমূহ উচ্ছেদ কৰে৷গুৱাহাটী পৌৰ নিগমৰ ২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰীৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ উপস্থিত থাকে৷উল্লেখ্য,এই অবৈধ বজাৰখনৰ বাবে ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷তদুপৰি যাতায়াতৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷প্ৰতিদিনে ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷আনহাতে এই বজাৰখনত একাংশ ব্যৱসায়ীয়ে অসামাজিক কাম কৰি আহিছে৷মৰাভৰলু নদীৰ পৰিৱেশ বিনষ্ট কৰি আহিছে উক্ত বজাৰখনে৷বহুদিনীয়া সমস্যাৰ সমাধান হোৱাট অঞ্চলটোৰ স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে৷