তামাৰহাটৰ মধ্যপেটলাত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ২ যুৱকৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তামাৰহাটৰ মধ্যপেটলাত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ২ যুৱকৰ। আলোকঝাৰীৰ পৰা তামাৰহাট অভিমুখে বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যুমুখত পৰে দুই বাইক আৰোহী। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ৰাম গোপাল নামৰ এজন যুৱকৰ আৰু আনজন যুৱক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুমুখত পৰে। থিতাতে মৃত্যু হোৱা ৰাম গোপালৰ ঘৰ আলোকঝাৰী গাঁৱত। তামাৰহাটত বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই যাওঁতে এই ঘটনা সংঘটিত হয়। দুয়োগৰাকী যুৱকৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
