ৰূপৱতী তাই- ইভা গন্ধীয়া ফুকন

Pc Freepik
ৰূপৱতী তাই
কালৰাত্ৰী কোনোবা নৰপিশাচে পিন্ধোৱা
লেতেৰা সাজযোৰ তাই খুলি পেলালে
কম্পমান বুকুত সাহসৰ খুটি পুতি
চকুত জ্বলাই তোলে এক নৱ জ্যোতি
নতুন দিনৰ নতুন পোছাক পিন্ধি
তাই আজি ৰূপৱতী
সহ্য নকৰে অত্যাচাৰ আৰু দুনাই
অন্যায়ৰ বিৰুদ্ধে যুঁজিব সদায়
নিজৰ লগতে আনকো নিব আগুৱাই
এই পণ ল’লে তাই বুকু ফিন্দাই !
কল্পনাৰ ফুলনিত
ফুল ফুলাৰ সপোন দেখি
খোজ দিছে দিঠকলে
খোজে খোজে নৱ লয়লাস
অভিনৱ ছন্দ বিকাশ
ভোহাৰি- বিদাৰি- ফালি পুৰণি কালিমা
সাহসৰ আভৰণ গাত ল’লে সানি
ঝংকাৰ তুলি সুপ্ত বীণাৰ সুৰ
দিশে দিশে উৰাই বিপ্লৱৰ জয় গান
জীয়াতে মৰা
দলিতা শোষিতা নাথাকিবা বহি
সাহসৰ বাঘজৰী লোৱা মেৰিয়াই
নৰ পিশাচ বোৰক নিঃশেষ  কৰি
জ্বলাওঁ আহা নৱ প্রভাতৰ জ্যোতি
নহ’বা অবলা
সবলা হৈ সাহসেৰে নিজে নিজক বচোৱা !
                          ইভা গন্ধীয়া ফুকন