গণমাধ্যমৰ অন্যতম ভাগ হৈছে ছপা মাধ্যম- ৰশ্মি ৰেখা দুৱৰা

pc Mint
গণমাধ্যমৰ অন্যতম ভাগ হৈছে ছপা মাধ্যম
                        ৰশ্মি ৰেখা দুৱৰা
                             ডিব্ৰুগড়
    কোনো মাধ্যমৰ জৰিয়তে তথ্য,ধাৰণা আৰু ভাবভংগী প্ৰেৰণ কৰা ব্যৱস্থাকে গণসংযোগ বুলি কোৱা হয়।গণমাধ্যম হৈছে গণসংযোগৰ আহিলা।গণমাধ্যম এক বিশাল ভূখণ্ডত সিঁচৰতি হৈ থকা জনসমষ্টিৰ লগত সংযোগ স্থাপন কৰিবলৈ বা বিশেষ তথ্য প্ৰচাৰ কৰিবলৈ ব্যৱহৃত মাধ্যম।গণমাধ্যমে জনগণ বা জনশ্ৰোতাৰ লগত সংযোগ স্থাপন কৰা বিভিন্ন প্ৰকাৰৰ মাধ্যম সমূহক বুজায়।বাতৰি কাকত,ইণ্টাৰনেট,আলোচনী,চলচ্চিত্ৰ, টেলিভিচন আদি গণমাধ্যমৰ অন্তৰ্গত।গণমাধ্যমৰ তথ্য অবিহনে সভ্যতা আগুৱাই যাব নোৱাৰে।গণমাধ্যমে সমাজৰ লগতে বিশ্বৰ সকলো বা-বাতৰি প্ৰেৰণ কৰে।গণমাধ্যমে জনশিক্ষাৰ প্ৰসাৰ ঘটায়।মানুহক শিক্ষিত কৰাতো যিকোনো গণমাধ্যমৰ প্ৰধান কৰ্তব্য।গণমাধ্যমে মানুহৰ মানসিক প্ৰশান্তিৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থা কৰে।ৰেডিঅ’ তথা টেলিভিচন আদি গণমাধ্যমসমূহে বাতৰি কাকততকৈ বেছি পৰিমাণে মনোৰঞ্জন দিয়ে।
       ছপামাধ্যম হৈছে বিশ্বৰ এটি প্ৰাচীন গণমাধ্যম।বিশাল জনসমষ্টিৰ ওচৰত কোনো তথ্য প্ৰচাৰ কৰিবৰ বাবে ছপা কৰা যিকোনো প্ৰকাশনেই হ’ল ছপা মাধ্যম।বাতৰি কাকত,কিতাপ,আলোচনী আদি ছপামাধ্যমৰে অন্তৰ্গত।কিতাপেই আছিল ছপামাধ্যম বিকাশৰ প্ৰথম অংশীদাৰ।পৰৱৰ্তী সময়ত আলোচনীৰ দৰে কিছুমান কাকতৰ আৰম্ভণি হয়।পূৰ্ণাংগ ৰূপত বাতৰি কাকত প্ৰকাশ হোৱাৰ পাছতেই ছপামাধ্যমে সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে।লাহে লাহে কিতাপ, আলোচনী,বাতৰি কাকতত জ্ঞানচৰ্চা আৰু মানুহৰ কৌতূহল নিবৃত্তিৰ প্ৰথম অৱলম্বন হৈ উঠে।ছপামাধ্যমৰ গতিতে আধুনিক জ্ঞান-বিজ্ঞান আৰু সভ্যতাৰ অগ্ৰগতি হৈছে।ছপামাধ্যমৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ হৈছে–
১/ছপামাধ্যমত প্ৰকাশিত কাকত,আলোচনীবোৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই যেতিয়াই সময় পাই তেতিয়াই পঢ়িব পাৰে।
২/লিখিত ভাষাৰে সাধাৰণ জনতাৰ মাজত এটা আবেদন সৃষ্টি কৰিব পাৰে।
৩/ছপা মাধ্যমত বিভিন্ন দিশৰ নিৰ্মোহ বিশ্লেষণ পোৱা যায়।
৪/ছপা মাধ্যমৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াক সংৰক্ষণ কৰি থব পাৰি।
        কিতাপ হৈছে আদি গণমাধ্যম।কাকত, আলোচনী আদিতকৈ কিতাপৰ প্ৰচাৰ বহুগুণে বেছি।প্ৰত্যেক বছৰে বহু লাখ কিতাপৰ প্ৰকাশ হয়।কিতাপ শিক্ষা বিস্তাৰৰ অপৰিহাৰ্য উপাদান।বৈদ্যুতিক মাধ্যমৰ তুলনাত কিতাপ বহু পৰিমাণে নিম্নমূল্যবিশিষ্ট।অন্যান্য ছপা মাধ্যমতকৈ কিতাপৰ স্থায়িত্ব বেছি।সাংস্কৃতিক বিকাশ আৰু জ্ঞান বিজ্ঞানৰ উন্নতিৰ কাৰণে কিতাপ আমাৰ সকলোৰে প্ৰয়োজন।
        বাতৰি কাকত ছপা মাধ্যমৰ এক প্ৰধান গণমাধ্যম।বাতৰি কাকতে যুগ যুগ ধৰি ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে।আধুনিক বৈদ্যুতিক মাধ্যমৰ বিকাশ আৰু ৰমৰমীয়া বজাৰেও বাতৰি কাকতৰ জনপ্ৰিয়তাক হ্ৰাস কৰিব পৰা নাই।ঊনবিংশ শতিকাত বাতৰিকাকতৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ সূচনাই নৱজাগৰণৰ সৃষ্টি কৰে।বিংশ শতিকাৰ আৰম্ভণিৰপৰা বাতৰি কাকতৰ আধুনিক যুগৰ সূচনা হয়।এই যুগত বাতৰিকাকতসমূহ প্ৰকৃত গণমাধ্যমলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ প্ৰচাৰ বহুগুণে বৃদ্ধি পায়।বাতৰিকাকতসমূহৰ সীমাবদ্ধতাবোৰ এনেধৰণৰ–
১/বাতৰিকাকতসমূহ সাক্ষৰতাৰ ওপৰত নিৰ্ভৰশীল।শিক্ষিত মানুহেহে ইয়াক পঢ়িব পাৰে বাবে ইয়াৰ পৰিসৰ কিছু সীমিত।নিৰক্ষৰ মানুহৰ ওচৰত বাতৰি কাকতৰ কোনো স্থান নাই।
২/বাতৰিকাকতৰ বহুখিনি ঠাই বিজ্ঞাপনে অধিকাৰ কৰি ৰাখে।বহুসময়ত বিজ্ঞাপনেই পৰোক্ষভাৱে বাতৰিকাকতসমূহক নিয়ন্ত্ৰণ কৰে।গতিকে ক’ব পাৰে যে বাতৰিকাকতসমূহ বহু সময়ত  বিজ্ঞাপনদাতাৰ ওপৰত নিৰ্ভৰশীল।
       বাতৰিকাকতসমূহ আন গণমাধ্যমৰ তুলনাত কিছু বৈশিষ্ট্য আছে।পাৰ্থ চট্টোপাধ্যায়ে সিবিলাক এনেধৰণে আলোচনা কৰিছে–
১বিশ্বাসযোগ্যতাঃ বাতৰিকাকত প্ৰাচীনতম গণমাধ্যম।যোৱা তিনিটা শতাব্দীত বহু বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ ফলত গণমাধ্যম হিচাপে সংবাদপত্ৰৰ বিশ্বাসযোগ্যতা বাঢ়ি গৈছে।
২/সংগ্ৰামী ঐতিহ্যঃ সমাজ আৰু ৰাষ্ট্ৰজীৱনৰ মূল ঘটনাপ্ৰৱাহৰ লগত খোজ মিলাই চলাৰ ফলত সংবাদপত্ৰই যুগে যুগে জনসাধাৰণৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
৩/সহজ বহন ক্ষমতাঃ বাতৰি কাকতসমূহ যিকোনো ঠাইলৈ সহজেই বহন কৰি নিব পাৰি,আজৰি পৰত পঢ়িবৰ বাবে থৈ দিবও পাৰি।
৪/পছন্দমতে বাৰ্তা নিৰ্বাচনৰ সুযোগঃ কেৱল বাতৰিকাকতহে যিকোনো প্ৰয়োজনীয় বাৰ্তা নিৰ্বাচন কৰি তাক বাৰে বাৰে পঢ়াৰ সুযোগ আছে।
৫/বেচৰকাৰী মালিকীস্বত্বঃ পৃথিৱীৰ বহু গণতান্ত্ৰিক দেশৰ অনাতাঁৰ বা দূৰদৰ্শন চৰকাৰী বিভাগৰ অন্তৰ্গত হ’লেও সাধাৰণতে সংবাদপত্ৰ বেচৰকাৰী মালিকৰ দ্বাৰা নিয়ন্ত্ৰিত।
           কিতাপ আৰু বাতৰিকাকতৰ দৰেই আলোচনীও গুৰুত্বপূৰ্ণ ছপা মাধ্যম।সাধাৰণতে কবলৈ গ’লে আলোচনী হৈছে কিছুমান ছপা পৃষ্ঠাৰ সংকলিত ৰূপ।আলোচনীৰ ইংৰাজী প্ৰতিশব্দ ‘মেগাজিন’ শব্দৰপৰা উৎপত্তি হৈছে।আলোচনী সমূহ পষেকীয়া বা  মাহেকীয়াৰূপে প্ৰকাশ পায়।বহুক্ষেত্ৰত আলোচনীয়ে বাতৰি কাকতৰ পৰিপূৰক হিচাপে কাম কৰে।আলোচনী সমূহৰ সাধাৰণ বৈশিষ্ট্য হৈছে,তথ্যৰ লগতে প্ৰধানতঃ বিনোদনধৰ্মী।গণমাধ্যমৰ অন্যতম ভাগ ছপা মাধ্যমে বিভিন্ন দিশত অগ্ৰগতি লাভ কৰিছে।