কথাশিল্পী চৈয়দ আব্দুল মালিকৰ ভাগিনী ডিব্ৰুগড়ৰ চৈয়দা তাজকিয়া বেগমৰ দেহাৱসান

কথাশিল্পী চৈয়দ আব্দুল মালিকৰ ভাগিনী ডিব্ৰুগড়ৰ চৈয়দা তাজকিয়া বেগমৰ দেহাৱসান: শোকৰ ছাঁ 

এম. হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ কনভয় ৰোড নিবাসী আলহাজ্জিন চৈয়দা তাজকিয়া বেগমৰ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ৭৯ বছৰ বয়সত দেহাৱসান ঘটে। চৈয়দা তাজকিয়া বেগম আছিল কথাশিল্পী, ঔপন্যাসিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ জ্যেষ্ঠ ভাগিনী। ১৯৪৮ চনৰ ৫ অক্টোবৰত নাহৰনিত এক সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা বেগমে মোমায়েক আব্দুল মালিকৰ ঘৰত থাকি ডাঙৰ-দীঘল হোৱাৰ লগতে শিক্ষা গ্ৰহণ কৰে।সেই সময়ত চৈয়দ আব্দুল মালিকৰ ঘৰত অনুষ্ঠিত হোৱা অনানুষ্ঠানিক আড্ডাসমূহত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা,অভিনেতা আব্দুল মজিদৰ দৰে বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰে আৰু তেওঁলোকৰ পৰাই তাজকিয়া বেগমে নাট্য আৰু অভিনয় জগতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। এক সাংস্কৃতিক সমৃদ্ধ পৰিৱেশত ডাঙৰ-দীঘল হোৱা বেগমে গোলাঘাট জিলাৰ কুঢ়ালগুৰি হাইস্কুলৰ পৰা মেট্ৰিক আৰু যোৰহাট দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭০ চনত তেওঁ ভাৰতৰ একমাত্ৰ মহিলা প্ৰতিনিধি হিচাপে দিল্লীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। আমেৰিকাৰ কৃষি বিভাগৰ সহযোগিতামূলক সম্প্ৰসাৰণ ব্যৱস্থাৰ অধীনত পৰিচালিত ৪-এইচ-অৰ্থাৎ হেড, হাৰ্ট,হেন্ড, হেল্থ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰে। তাত তেখেতে বিশ্ব তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  সোণৰ পদক লাভ কৰে। এই ভ্ৰমণৰ সময়তে ভাৰতীয় প্ৰতিনিধি দলটোৱে হোৱাইট হাউছত তেতিয়াৰ আমেৰিকাৰ ৰাজ্যপাল জিমি কাৰ্টাৰৰ সৈতে সাক্ষাৎ কৰে। সাক্ষাৎকালত তাজকিয়া বেগমে আমেৰিকাৰ জাতীয় পতাকাৰ তাৎপৰ্য সম্পৰ্কে ৰাজ্যপাল কাৰ্টাৰক এটা প্ৰশ্ন সোধে। তেওঁৰ এই বুদ্ধিদীপ্ত প্ৰশ্নত কাৰ্টাৰ বিস্মিত হোৱাৰ লগতে যথেষ্ট প্ৰভাৱিত হৈছিল।আমেৰিকাত থকা সময়ছোৱাত বেগমে ৱাশ্বিংটন বিশ্ববিদ্যালয়ত এক পাঠ্যক্ৰম গ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ উপৰি তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয় আৰু আইডাহো বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁৰ কৃতিত্বৰ বিষয়ে সেই সময়ত আমেৰিকাৰ স্থানীয় বাতৰি কাকতসমূহত প্ৰকাশ পায়।১৯৭২ চনৰ ৫ অক্টোবৰত তেওঁৰ বিবাহ সম্পন্ন হয়। ২০১৩ চনত তেওঁ স্বামী আৰু কন্যাৰ সৈতে পৱিত্ৰ হজযাত্ৰা সম্পন্ন কৰে।তেওঁৰ পিতৃ প্ৰয়াত চৈয়দ ফজলুল কৰিমে ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনক সমৰ্থন কৰাৰ বাবে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে কাৰাবাস খাটিবলগীয়া হৈছিল।মৃত্যুৰ সময়ত চৈয়দা তাজকিয়া বেগমে স্বামী চৈয়দ মহম্মদ চেলিম (ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক), দুই কন্যা ছৈয়দা শ্বাহানা শ্ববনম চেলিম আৰু চৈয়দা ছাব্ৰিনা য়াছমিন ছেলিম (বৰ্তমান কানাডাবাসী)লগতে তিনিজন ভাতৃক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। কালি স্থানীয় আমোলাপট্টি কবৰস্থানত অসংখ্য গুণমুগ্ধ, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীৰ উপস্থিতিত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়।