ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন
ৰঙিলী বাৰ্ত্তাসেৱা- দুর্গতিনাশিনী দেবী দুর্গাৰ বন্দনা, ঢাক-দবা, কাঁহ-শংখৰ ধ্বনি আৰু উৰুলিৰে মুখৰিত হৈ পৰা শাৰদীয় দুর্গোৎসৱৰ সামৰণি পৰে। ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা দেবী দুর্গাৰ প্রতিমা আজি বিজয়া দশমীৰ দিনা অশ্রুসিক্ত নয়নেৰে ভক্তসকলে বিসর্জন দিয়ে। ঘোঁৰাত উঠি মর্ত্যলৈ অহা দেৱীয়ে নাৱত উঠি উভতি গ’ল। বুধবাৰে পুৱাৰে পৰাই বিজয়া দশমীৰ দিনটোত মা দুর্গাক বিদায় দিয়াৰ প্ৰস্তুতি চলে আৰু বৈদিক ৰীতি-নীতিৰে ৬দিনীয়া শাৰদীয় উৎসৱৰ অন্তত মর্ত্যৰ পৰা বিদায় দিয়ে দেৱী দুর্গাক। দেৱীৰ বিসৰ্জনক কেন্দ্ৰ কৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো নদীৰ ঘাটসমূহত ভক্তৰ সমাগম হোৱাৰ লগতে পূজা সমিতিসমূহৰ মাজতো দেখা যায় ব্যাপক তৎপৰতা। বিশেষতঃ দেৱী দুর্গাৰ মণ্ডপসমূহত মহিলাসকলে অশ্রুসিক্ত নয়নেৰে বিদায় দিয়ে মা দুর্গাক। মহিলাসকলে দেৱী মা দুৰ্গাৰ শ্ৰীচৰণত সেন্দূৰ অৰ্পণ কৰি দেৱী বন্দনাৰে ঢাক-ঢোলৰ শব্দৰ মাজেৰে আনন্দ-উৎসৱত ভাগ লয় আৰু পৰম্পৰাগতভাৱে তেওঁলোকৰ স্বামী-পৰিয়ালৰো কুশল কামনা কৰে। বিজয়া দশমীৰ বিশাদৰ মাজতো মহিলাসকলে নাচি-বাগি সেন্দূৰ খেলাত ব্যস্ত হৈ পৰা দেখা যায়। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তত হিন্দু পৰম্পৰা অনুসৰি ৰাৱণ দাহ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। অশুভ শক্তিৰ বিনাশ ঘটাই শুভ শক্তি আৰু সত্যৰ জয়ৰ প্ৰতীক হিচাপে সমগ্ৰ ৰাজ্যজুৰি এই উৎসৱ অতি ধুমধামেৰে উদযাপন কৰা হয়। ইফালে বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত আৰম্ভ হয় দেৱী দুর্গাৰ বিসর্জন পর্ব। ষষ্ঠীৰ বেদীত প্রতিষ্ঠা দেৱী দুর্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা পূজা সমিতিসমূহে মহানগৰীৰ ৭টাকৈ নিৰ্ধাৰিত বিসর্জনস্থলীলৈ প্রতিমাসমূহ গীত-মাত-নৃত্যৰে লৈ যোৱা পৰিলক্ষিত হয়। বিসর্জন পর্ব সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে ৭টাকৈ ঘাটৰ ব্যৱস্থা কৰে আৰু সেই অনুসৰি ব্ৰহ্মপুত্র নদীত লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালি ঘাট, পানীখাইতী ঘাটৰ লগতে সাওকুছি ঘাট, বশিষ্ঠ মন্দিৰ ঘাট আৰু সোণাপুৰ পুৰণি বজাৰ ঘাটত পুৱাৰে পৰা দেৱী দুর্গাৰ বিসর্জন আৰম্ভ হয়। স্মৰ্তব্য যে এইবাৰ গুৱাহাটী মহানগৰীত ৬০০ৰো অধিক পূজাস্থলীত পূজা কৰা হৈছিল। জানিব পৰা মতে, মহানগৰীৰ লাচিত ঘাটত ২৮০খন পূজা মণ্ডপৰ প্ৰতিমা বিসর্জন দিয়া হ’ব। আনহাতে বিজয়া দশমী উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয়- বিজয়া দশমী উদযাপনৰ এই সময়তে আহক আমি অশুভৰ বিৰুদ্ধে শুভ শক্তিৰ জয়ৰ পৰা প্ৰেৰণা লওঁ আৰু আভ্যন্তৰীণ শক্তিৰে সবল, এক উমৈহতীয়া উদ্দেশ্যেৰে একত্ৰিত আৰু ইয়াৰ প্ৰগতিৰ পথত সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্পক আৰু অধিক শক্তিশালী কৰোঁ । তেওঁ লগতে কয়, মা দুর্গাৰ আশিসে আমাক সৎ পথত আগবাঢ়িবলৈ সাহস প্রদান কৰক, প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি। ঐক্য, বিশ্বাস আৰু দৃঢ়তাৰে আমি সকলোৱে মিলি আগুৱাই যাওঁ এখন নতুন অসমৰ দিশে। শুভ বিজয়া দশমী !
