মৰাণ গাঁৱত সপ্তমীৰ সাংস্কৃতিক সমাৰোহ

মৰাণ গাঁৱত সপ্তমীৰ সাংস্কৃতিক সমাৰোহ

কবিতা পাঠ, উৰুলি প্ৰতিযোগিতা আৰু নাৰী সুৰক্ষাৰ বাটৰ নাটেৰে জীপাল অনুষ্ঠান

বিহমাৰী, পিজোস বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ গাঁও সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উদ্যোগত সপ্তমী পূজাৰ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত পূজা সমিতিৰ উপদেষ্টা প্ৰেমলাল গঞ্জু, বিজয় মণ্ডল, স্বপন পাল, সভাপতি উপেন ভূমিজ, যুটীয়া সম্পাদক প্ৰণৱ গঞ্জু, সুজন পাল আৰু প্ৰাক্তন সম্পাদক অজিত মুদৈকে প্ৰমুখ্য কৰি সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠান পৰিচালনা কৰে থানেশ্বৰী কুৰ্মী গঞ্জু আৰু সুজিত বিশ্বাসে। উক্ত অনুষ্ঠানত ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া, বাংলা, ইংৰাজী কবিতা আৰু জুবিন সঙ্গীত পৰিৱেশন কৰে। অংশগ্ৰহণকাৰী সকলক বহী-কলম আৰু উৰুলি প্ৰতিযোগিতাত ভাগ লোৱা আই-মাতৃ সকলক উপহাৰ প্ৰদান কৰা হয়। ঝুলন বিশ্বাসৰ ভক্তিমূলক নৃত্য আৰু চাহিল লোহাৰৰ ভক্তিমূলক গীতে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল গাঁৱৰ যুৱক-যুৱতীৰ দ্বাৰা পৰিৱেশিত নাৰী সুৰক্ষা বিষয়ক বাটৰ নাট। নাটত ধনু স্মিতা ভূমিজ, কৃতিকা চাহু, চনিয়া বৰুৱা, তৃষা দাস, ৰূপম ভূমিজ, ৰিয়া কুমাৰী আৰু ধনঞ্জয় দৈমাৰীয়ে সুন্দৰ অভিনয় কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি বৰগাং আৰক্ষী থানাৰ এছ আই হাইদৰ হুছেইনে তিনিটা ভক্তিমূলক গীত পৰিৱেশন কৰে। পূজা সমিতিয়ে তেখেতক গামোচাৰে সম্বৰ্ধনা জনায়।