মন্ত্ৰী পীযুষ হাজৰিকা দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি

মন্ত্ৰী পীযুষ হাজৰিকা দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা  দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত অধীস্থিত হয়।গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখনত আজি সন্থাৰ ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত সৰ্বসন্মতিমৰ্মে মন্ত্ৰী হাজৰিকা দ্বিতীয়বাৰলৈ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয়।মন্ত্ৰী হাজৰিকাই সভাপতি পদত অধীস্থিত কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত সময়ত সন্থাৰ সকলো সদস্যৰ সহযোগিতাত ৰাজ্যখনৰ টেবুল টেনিচৰ ক্ষেত্ৰখনক শীৰ্ষ পৰ্যায়লৈ আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।