গুৱাহাটীত বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

গুৱাহাটীত বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণ। গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত আক্ৰমণৰ বলি হয় বিজেপি নেতাজন। দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বিজয় পাঠক। বিজয় পাঠক বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক। দুৰ্বৃত্তৰ আক্ৰমণত মূৰত কেইবাটাও চিলাই পৰিছে  বিজয় পাঠকৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।