বঙৰাত একে লেখকৰ দুখন গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অন্যতম প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত দক্ষিণ কামৰূপৰ বঙৰা- আমৰতলস্থিত “বঙৰা জনকল্যাণ পুথিভঁৰাল” প্ৰাঙ্গণত দুই শতাধিক সাহিত্যসেৱীৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ লেখক ৰমেশ চন্দ্ৰ তালুকদাৰৰ কাব্যগ্ৰন্থ “দুৱাৰ ডলি” আৰু প্ৰবন্ধ গ্ৰন্থ “চতুৰ্ভুজ, বাতেহী আৰু অন্যান্য” শুভ উন্মোচন কৰা হয় । শ্বিলঙৰ এচ টি এন্থনি মহাবিদ্যালয়ৰ সংগীত বিভাগৰ সহযোগী অধ্যাপিকা ড০ কান্তা কাবেৰী দাসৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাখনি উদ্বোধন কৰি চলচিত্ৰ পৰিচালক তথা অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠকে কয় “বৰ্তমান আমি যান্ত্ৰিকতাৰ পৃথিৱীত বাস কৰিছো। গ্ৰন্থ অধ্যয়ণৰ প্ৰতি মানুহৰ আগ্ৰহ কমিব ধৰিছে । ধূষৰ হৈ পৰিছে পৰিৱেশ । সেই আগ্ৰহ আমি ঘূৰাই আনিব লাগিব ।” প্ৰবন্ধ গ্ৰন্থখনি উন্মোচন কৰি দূৰদৰ্শন আৰু আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক তথা বিশিষ্ট শিল্পী দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “নিজস্ব প্ৰতিভা, জ্ঞান, গৱেষণালব্ধ চিন্তাধাৰাৰ প্ৰসূত মনেৰে জনসাধাৰণক কবি- সাহিত্যিকসকলে জাগ্ৰত কৰি তুলিব লাগিব । নতুন বংশধৰসকলক সুষ্ঠ বিকাশৰ বাবে অনুপ্ৰাণিত কৰিব লাগিব । ন-ন প্ৰতিভাৰ সন্ধান কৰিব লাগিব । প্ৰতিভা বিকাশৰ বাবে বয়সৰ কোনো সীমা নাই ।” প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত কবিতা সংকলনখনি উন্মোচন কৰি শীৰ্ষ আৰক্ষী বিষয়া, বিশিষ্ট কবি- সাহিত্যিক- চিন্তাবিদ ড০ নন্দ সিং বৰকলাই কয়- “সমাজ জীৱনৰ বাবে যিসকলে সৃষ্টি কৰে , সেইসকল দীৰ্ঘম্যাদী ।পেটত ভোক, নিদ্ৰা, ভয়াবহতা দূৰীকৰণৰ বাবে আমাৰ কবি-সাহিত্যিকসকলে চিন্তা- চেতনা-ভাৱনাসদৃশ পৰিবেশ- নিৰ্মল সাহিত্য সৃষ্টি কৰিব লাগিব ।যি জাতিয়ে শিপা হেৰুৱাই, সেই জাতি ইতিহাসত নি:চিহ্ন হৈ যায় ।” বিশিষ্ট সাহিত্যিক ড০ সিং বৰকলাই আৰু কয়- নৱ প্ৰজন্মক বিশ্বকৰ্মাৰ দলে গঢ়ি তুলিব লাগিব ।মাটিৰ ধৰ্ম পালন কৰিব লাগিব ।পৃথিৱীখন ভোগবাদেৰে ভৰি পৰিছে । দূৰন্ত তৰুণৰ হাততহে সভ্যতা- সংস্কৃতি জীয়াই আছে । জীয়াই থাকিব । ডেকা শক্তিৰ জীৱনবোধ আমি হৃদয়ঙ্গম কৰিব পাৰিব লাগিব । মানুহৰ সৰ্ব কল্যাণৰ বাবে ৰছনা কৰা সাহিত্য শিল্প দীৰ্ঘ ম্যাদী ।” মুখ্য অতিথিৰ ভাষণত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই কয়- কবি-সাহিত্যিকসকল যুগে যুগে মহান । প্ৰতিদিনে তেওঁলোকে সমাজৰ দহৰ কল্যাণ বিচাৰে ।” বিশিষ্ট অতিথিৰ ভাষণত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই কয় – “এখন সমাজ , সুন্দৰ হৃদয়ৰে গঢ়ি তুলিব লাগিব কবি লেখকসকলে । সুষ্ঠ সভ্যতা সংস্কৃতিৰ বাতাবৰণ আনিব পাৰে কবি- সাহিত্যিকসকলে ।” সভাত বিশিষ্ট অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ড০ অৰূপ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া তথা কবি-গীতিকাৰ শচীন দাস, বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ড০ গণেশ্বৰ চহৰীয়া আৰু লেখিকা সংস্থা,অসমৰ উপ-সভানেত্ৰী নিৰু শৰ্মা পৰাজুলীয়ে অংশ লৈ সাম্প্ৰতিক সময়ৰ সাহিত্যৰ পৰিৱেশ, মফচলিয় অঞ্চলৰ সাহিত্য ধাৰাৰ ওপৰত নিৰ্মোহ বক্তব্য দাঙি ধৰে । গৰৈমাৰী ফখৰুদ্দিন আলী আহমদ মহাবিদ্যালয়ৰ অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰে আধুনিক গীত পৰিবেশন কৰা সভাত সন্মানীয় আলহি হিচাপে অবসৰপ্ৰাপ্ত অধ্যক্ষ কৈলাস নাথ শৰ্মা, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, উপ- সভাপতি শিৱপ্ৰসাদ পাল, সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য, ৰাণী সাহিত্য সভাৰ সম্পাদক আনোৱাৰ হুছেইন, প্ৰাক্তন প্ৰধান শিক্ষক জগৎ চন্দ্ৰ চৌধুৰী, জনকল্যাণ পুথিভঁৰালৰ সভাপতি মৰ্মেশ্বৰ নাথ, সাহিত্যিক সুবোধ চৌধুৰী, মদন চৌধুৰী, চিত্ৰলেখা চৌধুৰী, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, শিক্ষা সম্পাদক ৰঞ্জিৎ মহন্তই অংশ লয় ।