বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে অপহৰণৰ অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷এগৰাকী যুৱতীক অপহৰণৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতনৰো ভয়ংকৰ অভিযোগ।বিধায়ক আৱাসতেই অপহৃতা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ।এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক।ড্ৰাগছ সৰবৰাহৰ সৈতেও ৰিতুল হুছেইন নামৰ যুৱকজন জড়িত থকাৰ অভিযোগ উঠিছে৷ইয়াৰ পিছত লৈ অনা হৈছিল বিধায়ক আৱাসত থকা আশ্ৰাফুল হুছেইনৰ আৱাসলৈ৷যোৱা ৬ ফেব্ৰুৱাৰীতেই এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ।