তেজপুৰ চহৰৰ সু -প্রসিদ্ধ মহাভৈৰৱ মন্দিৰ-ৰাজলক্ষ্মী বৰঠাকুৰ

তেজপুৰ চহৰৰ সু -প্রসিদ্ধ মহাভৈৰৱ মন্দিৰ

তেজপুৰ চহৰৰ প্রসিদ্ধ ঠাই মহাভৈৰৱ মন্দিৰ আৰু গণেশ ঘাট চাই মনটো আনন্দৰে ভৰি পৰিল সেইয়ে মহাভৈৰৱ মন্দিৰৰ বিষয়ে দুৱাষাৰ লেখাৰ প্রয়াস কৰিলোঁ । মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত অৱস্থিত।মহাভৈৰৱ মন্দিৰ বাণ ৰজাই প্রতিষ্ঠা কৰিছিল। বাণ ৰজা অতিশয় শিৱ ভক্ত আছিল। পৌৰাণিক আখ্যান অনুসৰি দ্বাপৰ যুগত শিৱ ভক্ত বাণাসুৰে এই মন্দিৰ নিমার্ণ কৰিছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা আৰাধনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্রস্থ প্রায় ২.৩ মিটাৰ। এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত মহাভৈৰৱ মন্দিৰ লেখত লবলগীয়া। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্র কৰি আন সৰু সৰু মন্দিৰ নিমার্ণ কৰা হৈছিল। প্রথমতে এই মন্দিৰ ভাগ শৈল নিমিত আছিল । প্রাকৃতিক কাৰণত মন্দিৰৰ কিছু অংশ ধ্বংস হোৱাত আহোম ৰাজত্ব কালত পুণৰ নিমার্ণ কৰা হয়। ইয়াৰ পৰিৱেশ অতি মনোৰম। প্রতি বছৰে মহাশিৱৰাত্রী ধুম -ধামেৰে অনুষ্ঠিত হৈ আহিছে।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট