অক্টোবৰৰ পৰা আৰম্ভ হ’ব নলবাৰীৰ চিকিৎসা মহাবিদ্যালয়: মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-অহা অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই চিকিৎসা মহাবিদ্যালয়ৰ কাম।তেওঁ লগতে কয় যে-অহা অক্টোবৰ মাহৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি পৰ্ব আৰম্ভ হ’ব। মহাবিদ্যালয়ত উপস্থিত হৈয়ে প্ৰথমতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰে তদাৰক কৰে।তেওঁ অ’পিডি কক্ষও পৰিদৰ্শন কৰে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীত চিকিৎসালয় মহাবিদ্যালয় পৰিদৰ্শন কৰা সময়ত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।