ককাৰ মহাপ্ৰয়াণত
সাহিত্যৰ ভঁৰালত আজি,
হেৰাল জানা ৰতন এটি।
এখন বিশাল ভাৱনাৰ সাগৰ,
কিবা এটি লিখিবলৈ নালাগে ভাগৰ।
বছৰৰ আৰম্ভণিতে, এটি যুগৰ সামৰণি,
ককা নীলমণি, নাই আজি।
পদ্য আৰু ভাষাক নতুন ৰূপ দিলে,
মাতৃভাষাক বিশ্বত থাপিলে।
অসমৰ এজন তুমি মহান সন্তান,
বিশ্ব দৰবাৰত অসমক দিলা, বিশেষ স্থান।
এটি-দুটি শব্দৰে, কত হৃদয় জিনিলা,
এটি-দুটি ছন্দৰে কত লোকৰ, পছন্দ হ’লা।
নৱ প্ৰজন্মৰ কবি সকলৰ বাবে,
তুমি ঈশ্বৰ আৰু প্ৰেৰণাৰ দৰে ।
অসমীয়া সাহিত্য জগতত কাব্যঋষি তুমি,
কত লোকৰ হৃদয়ত থাকা জিলিকি।
তোমাৰ হাতৰ পৰশত প্ৰাণ পাই কবিতা,
তোমাৰ আগত মই এটি ধূলিকণা।
শূন্য আজি কাব্যৰ এটি ৰতন,
শোকত আজি বহুতৰ মন।
কাব্য জগতত কত কৰিলা সাধনা,
সেইবাবে তুমি, জ্ঞানপীঠ বঁটা পালা।
তুমি সাহিত্যত জিলিকি থকা তৰা,
কবিতা বাৰু তুমি, পোৱা ক’ৰ পৰা।
শব্দ আৰু ছন্দ যেন বিশাল সাগৰ,
তুমি প্ৰতিজন অসমীয়াৰ হৃদয়ত অমৰ।
আজি তোমাৰ মহাপ্ৰয়াণত,
শ্রদ্ধাঞ্জলি জনালোঁ তোমাৰ চৰণত।
তুমি য’তে আছা থাকা কুশলে,
ঈশ্বৰে যেন তোমাৰ দৰে, কবি সৃষ্টি কৰে।
-নিতিষ্মান দাস
অষ্টম শ্রেণী