যশস্বী কবি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
ৰঙিলী বাৰ্ত্তাসেৱা- জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ আছিল কাব্যঋষি নীলমণি ফুকনদেৱ৷অসাধাৰণ কাব্যশিল্পৰ জৰিয়তে বিশিষ্ট কবি গৰাকীয়ে অসমীয়া সাহিত্যৰ জগতলৈ যি অনন্য অৱদান আগবঢ়াই গৈছে সেয়া চিৰস্মৰণীয় হৈ থাকিব৷জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল।তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱৰা ক্ষতি৷বিশিষ্ট কবি গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ৷উল্লেখযোগ্য যে,বিশিষ্ট কবি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷