গুৱাহাটী প্ৰেছ ক্লাবত নিপন গোস্বামী বঁটাৰ পাঁচটা শিতানৰ বঁটা ঘোষণা

Pc News18 assam

গুৱাহাটী প্ৰেছ ক্লাবত নিপন গোস্বামী বঁটাৰ পাঁচটা শিতানৰ বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ২০২২ বৰ্ষৰ বাবে প্ৰদান কৰিবলগীয়া নিপন গোস্বামী বঁটাৰ পাঁচটা শিতানৰ বঁটাসমূহ ঘোষণা কৰা হয় । আৰ কে ইউনিভাৰ্ছৰ বেনাৰত প্ৰদান কৰিবলগীয়া এই বঁটাৰ এগৰাকী জুৰী সদস্য হিচাপে আজি সংবাদ মেলত উপস্থিত থাকি বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। সংবাদ মেলত আন দুগৰাকী জুৰী সদস্য ভগৱত প্ৰীতম দত্ত আৰু দিগন্ত শৰ্মাও উপস্থিত আছিল । আজি ঘোষণা কৰা শীৰ্ষ পাঁচটা বঁটা লাভ কৰা ব্যক্তিসকল হৈছে – জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা দীনেশ দাস ( অভিনয় ), জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা দ্বীপেন বৰুৱা ( সংগীত ), নিপন গোস্বামী স্বীকৃতি বঁটা মনোজ কুমাৰ গোস্বামী ( বিশেষ অৱদান, সংবাদ সেৱা ), নিপন গোস্বামী স্বীকৃতি বঁটা পাৰ্থ সাৰথি মহন্ত ( বিশেষ অৱদান, আৰক্ষী সেৱা ),নিপন গোস্বামী স্বীকৃতি বঁটা নয়নমণি শইকীয়া ( বিশেষ অৱদান, ক্ৰীড়া ) এই বঁটাকেইটাৰ উপৰি চলচ্চিত্ৰ তথা অন্যান্য ক্ষেত্ৰসমূহত পাৰদৰ্শিতা দেখুওৱাসকলকো আন বহুকেইটা শিতানত ‘নিপন গোস্বামী স্বীকৃতি বঁটা’ প্ৰদান কৰা হ’ব । অহা ২৬ মাৰ্চত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব ।