ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক তুলাধুনা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ

Pc ETV Bharat

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক তুলাধুনা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জৰা-ফুকাৰ ৰাজনীতিত সিদ্ধহস্ত সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কৰা কিছু মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে, এটা ফু-মাৰিলেই কংগ্ৰেছৰে মিত্ৰতা সম্ভৱ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে৷এই প্ৰসংগতে আজমলৰ উদ্ভট মন্তব্যৰ প্ৰত্যুত্তৰ জয়ৰাম ৰমেশৰ ৷ জয়ৰাম ৰমেশৰ মন্তব্য,‘‘ সাংসদ বদৰুদ্দিনে আজমলে অসম কংগ্ৰেছৰ নেতৃত্ব সন্দৰ্ভত এক অগ্ৰহণযোগ্য মন্তব্য প্ৰদান কৰিছে ৷ এই কথা সঁচা যে, কংগ্ৰেছে বিগত বিধানসভা নিৰ্বাচনত AIUDFৰ সৈতে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল ৷ বদৰুদ্দিন আজমলে ভৱিষ্যতেও কংগ্ৰেছৰ সৈতে লগ লাগি শক্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰিহে মিত্ৰতা কৰা হৈছিল ৷ কিন্তু নিৰ্বাচনৰ ফলাফল অহাৰ পিছতেই সকলো কথা স্পষ্ট হৈ পৰিল ৷’’লগতে, জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য,‘‘ আজমলে বিজেপিৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ লগতে আজমল আৰু বিজেপিয়ে ৰাইজৰ আগত কংগ্ৰেছ আৰু কংগ্ৰেছ নেতৃত্বৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷’’ কেৱল ইমানেই নহয়, বদৰুদ্দিন আজমল বিজেপিৰ মুখৰ কথা মতেহে চলে বুলিও অভিযোগ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ ৷লগতে AIUDFক AIMIMৰ সৈতে তুলনা কৰি তেওঁ এই বুলিও কয়, ‘‘সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ অভূতপূৰ্ব সহাৰি দেখি কম্পিত হৈছে এআইইউডিএফ আৰু বিজেপি ৷ UPAৰ সৈতে আজমলৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷’’উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাৰে বাৰে AIUDFৰে মিত্ৰতাক নস্যাৎ কৰি অহাৰ লগতে কোনো নিৰ্বাচনতে আজমলৰ সৈতে মিত্ৰতা নহ’ব বুলি স্পষ্ট কৰি দিছে ৷ কিন্তু কেৱল নিৰ্বাচন আহিলেহে আবিৰ্ভাৱ হোৱা আজমলৰ মতে প্ৰদেশ কংগ্ৰছে মিত্ৰতা নকৰিলেও এটা ফু মাৰিয়েই তেওঁ কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে মিত্ৰতা সম্ভৱ কৰি তুলিব ৷সাংসদ বদৰুদ্দদিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কটাক্ষ কৰি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পিছতে আজমলক উভতি ধৰিছে AICCৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ৷