চৰকাৰৰ জিলা গঠনৰ সিদ্ধান্ত অবিবেচক আছিল নেকি ?-দেবর্ষি গৌতম

Pc Wikipedia
চৰকাৰৰ জিলা গঠনৰ সিদ্ধান্ত অবিবেচক আছিল নেকি ?
ৰাজ্য চৰকাৰে অসমৰ চাৰিটা প্ৰান্তত চাৰিখন নতুন জিলা গঠন কৰি স্থানীয় ৰাইজক আনন্দ উল্লাস কৰিবলৈ এক সুযোগ প্ৰদান কৰিছিল। বহু দিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ এটা কিৰণ প্ৰজ্জ্বলিত হোৱা দেখাৰ পিছত হঠাতে সেই কিৰণ নিৰ্বাপিত হব বুলি শুনি লোকসকল বিতুষ্ট হোৱা পৰিলক্ষিত হৈছে। এখন জিলা গঠন কৰাৰ লগে লগে সেই জিলাখনৰ বাবে বিভিন্ন কাৰ্য্যালয়ৰ নিৰ্মান কাৰ্য্য আৰম্ভ হৈ যায়। নতুনকৈ গঠন হোৱা এখন জিলাৰ বাবে অতিকৈ প্ৰয়োজনীয় উপায়ুক্ত কাৰ্য্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়, পৰিবহন বিভাগৰ কাৰ্য্যালয়, জিলা অসামৰিক চিকিৎসালয় ইত্যাদিৰ নিৰ্মাণৰ বাবে বহুতো ধন চৰকাৰে ব্যয় কৰিব লগীয়া হয়। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হল চৰকাৰে গঠন কৰা চাৰিখন জিলাক হঠাৎ কিয় জিলাৰ মৰ্য্যদা কৰ্তন কৰি আকৌ মহকুমালৈ অৱনমিত কৰিব লগীয়া হল ? অসমৰ ইতিহাসত হয়তো এইয়াই প্ৰথম ঘটনা জিলাৰ মৰ্য্যদা কৰ্তন কৰি মহকুমালৈ অৱনমিত কৰা। একেটা দলৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত এটা সেই একেটা দলৰ চৰকাৰে বাতিল কৰা ঘটনাই আচলতে কিহৰ ইংগিত বহন কৰিছে ? চৰকাৰে কেৱল ৰাজনৈতিক লাভৰ প্ৰতি লক্ষ্য ৰাখিয়ে সকলো সিদ্ধান্ত গ্ৰহণ কৰে নেকি ? চাৰিওখন জিলাকে পূৰ্ণাংগ ৰূপ দিবলৈ চৰকাৰে যি ৰাইজৰ ধন খৰছ কৰিলে তাৰ বাবে এতিয়া জনতাৰ কি লাভ হব ? চৰকাৰী পক্ষৰ পৰা দিয়া স্পষ্টীকৰণ সমূহৰ দ্বাৰা ৰাইজক কি বুজাব বিচৰা হৈছে ? চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত যদি অসম আৰু অসমীয়া খিলঞ্জীয়া লোকৰ হিতৰ কাৰণে তেনেহলে পূৰ্বে একেটা দলৰ চৰকাৰে খিলঞ্জীয়া লোকৰ হিতৰ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছিল নেকি ? জিলাৰ মৰ্য্যদা প্ৰদান কৰা চৰকাৰৰ সিদ্ধান্ত যে পৰিকল্পনাহীন আৰু অবিবেচক আছিল সেই কথাই প্ৰমাণ কৰিছে জিলা সমূহৰ মৰ্য্যদা কৰ্তন কৰা সিদ্ধান্তই। এনেকুৱা কিছুমান অপৰিপক্ক আৰু পৰিকল্পনাহীন সিদ্ধান্তৰ দ্বাৰা যদি চৰকাৰে জনতাক আভুৱা ভৰিবলৈ চেষ্টা কৰে তেনেহলে সেইয়া যে অসমৰ আৰু অসমীয়া জনতাৰ বাবে হানিকাৰক হব সেয়া নিশ্চিত। চৰকাৰৰ প্ৰতিগৰাকী প্ৰতিনিধি যিহেতু ৰাইজৰ প্ৰতিনিধি গতিকে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক বাধ্য। ৰাইজৰ ধন অপচয় কৰি চৰকাৰ, দল অথবা ব্যক্তিৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে খিলঞ্জীয়া অসমীয়া যে ক্ষতিগ্ৰস্ত হব সেয়া নিশ্চিত। অসমৰ খিলঞ্জীয়া লোকৰ হিতৰ বাবে লোৱা সিদ্ধান্ত বুলি কৈ আকৌ পিছ মুহূৰ্তত এই সিদ্ধান্ত সাময়িক সিদ্ধান্ত বুলি কোৱা, আকৌ মৰ্য্যদা কৰ্তন কৰা জিলা সমূহক পুনৰ জিলাৰ মৰ্য্যদা ঘূৰাই দিয়া হব বুলি কোৱা কথাই  চৰকাৰখনৰ দুমুখীয়া স্থিতিক স্পষ্টকৈ উদঙাই দিছে। আচলতে চৰকাৰে যে নিৰ্বাচন আৰু ৰাজনৈতিক ভৱিষ্যতৰ উদ্দেশ্য আগত ৰাখি এই সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইয়া সচেতন লোকসকলে অতি সহজে অনুমান কৰিব পাৰিছে।
                       দেবর্ষি গৌতম
                      বনগাঁও